Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

সুশান্ত সিং ৰাজপুটৰ আত্মহত্যা- কৰণ জোহৰ, চলমান খানৰ বিৰুদ্ধে বিহাৰ ন্যায়ালয়ত গোচৰ ৰুজু

দ্য ষ্টেটমেন্ট : অভিনেতা সুশান্ত সিং ৰাজপুটৰ আত্মহত্যাই সমগ্ৰ দেশকে জোকাৰি গৈছে ৷ তাৰপিছতে দৈনিক ন ন তথ্য পোহৰলৈ আহিছে ৷ এই আত্মহত্যাৰ পিছত বিহাৰৰ মুজাফাৰপুৰ ন্যায়ালয়ত কৰণ জোহৰ, চলমান খান, সঞ্জয় লীলা ভাঞ্চালি আৰু একতা কাপুৰকে ধৰি ৮ গৰাকী ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ অধিবক্তা সুধীৰ কুমাৰ ওজাই ভাৰতীয় দণ্ডবিধিৰ ৩০৬, ১০৯, ৫০৪ আৰু ৫০৬ ধাৰাৰ ভিত্তিত গোচৰ ৰুজু কৰিছে ৷ 

ANIক এক সাক্ষাৎকাৰ প্ৰদান কৰি অধিবক্তাজনে কয় যে ‘গোচৰটোত মই সন্নিৱিষ্ট কৰিছো যে সুশান্ত সিং ৰাজপুটক ৭ খন চিনেমাৰ পৰা বৰ্খাস্ত কৰা হৈছে আৰু তাৰ ভিতৰত কিছুমান চিনেমাই মুক্তি লাভ কৰা নাই ৷ এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰি তেওঁক এই পদক্ষেপ ল’বলৈ বাধ্য কৰোৱা হৈছে ৷ কংগ্ৰেছৰ নেতা সঞ্জয় নিৰুপমেও অভিযোগ কৰিছে যে সুশান্তে ৭ খন চিনেমা হেৰুৱাইছে য’ত তেওঁ চুক্তিবদ্ধ হৈছিল ৷ ” তেওঁ ৬ মাহৰ ভিতৰত গোটেইকেইখন চিনেমা হেৰুৱাইছে, কিয়? চিনেমা উদ্যোগটোৰ চিন্তনীয় কাৰ্যকলাপে   ভয়ানকভাৱে ক্ৰিয়া কৰে আৰু এজন প্ৰতিভৱান ব্যক্তিৰ জীৱন কাঢ়ি নিলে ৷’ সঞ্জয় নিৰুপমে টুইট কৰি কয় ৷ পাটনাত জন্মগ্ৰহণ কৰা অভিনেতাজনে ‘কাই পো চে’ ছবিখনৰ দ্বাৰা বলিউডত প্ৰৱেশ কৰে ৷ লগতে ‘MS Dhoni, The Untold Story’, ‘কেদাৰনাথ’, ‘চিচোৰে’ আদি ছৱিত বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মনত সাঁচ বহুৱায় ৷ সুশান্তৰ আশ্চৰ্যকৰ মৃত্যুৰ পিছত বলিউডৰ কংগনা ৰাণাৱট, অভিনৱ কাশ্যপ, প্ৰকাশ ৰাজৰ লগতে আন কিছু লোকেও ছবিজগতখনৰ নেপোটিজিমৰ কথা উল্লেখ কৰে ৷  সুশান্ত সিঙৰ মৃত্যুৰ সঠিক তদন্তৰ বাবে চৰকাৰলৈ আপীল জনাই অধিবক্তাজনে ইয়াকো কয় যে ‘দাৱাং’ ছৱিৰ পৰিচালক অভিনৱ কাশ্যপে চলমান খান আৰু পৰিয়ালৰ ওপৰত ফিল্ম প্ৰ’জেক্ট নষ্ট কৰাৰ আৰোপ লগোৱা হৈছিল ৷

?আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.