Support Free Journalism
  Breaking News
'তুমি মোক ভোট দিয়া, মই তোমাক বিনামূলীয়া ভেকচিন দিম': টুইটাৰত কিয় এই প্ৰতিক্ৰিয়া-দৰমহাৰ পইচাৰে চলিব পৰা নাই, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব খুজিছে বৰিছ জনচনে-হোৱাটছএপত ‘পৰ্ণ’ শ্বেয়াৰ কৰি ৰোষৰ বলি হ'ল গোৱাৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা কাভেলকাৰ-বিহাৰৰ সকলো লোককে বিনামূলীয়াকৈ কৰ'ণাৰ প্ৰতিষেধক দিম: বিজেপিৰ ঘোষণাপত্ৰ-মহাৰাষ্ট্ৰ বিজেপিৰ জ্যেষ্ঠ নেতা একনাথ খড়চেৰ পদত্যাগ: যোগদান কৰিব শৰদ পাৱাৰৰ NCPত-“পইচা দে নহ’লে উগ্ৰপন্থী লগাই উঠাই দিমঃ” ধন দাবী কৰি ধৰা পৰিল এবিভিপিৰ নেতা-IPL 2020: পশ্চিম পাঠকক আপুনিও মহিলা আম্পায়াৰ বুলি ভুল ভাবিছে নেকি?-বিহাৰ নিৰ্বাচন- ভাষণ দিবলৈ সাজু হওঁতে তেজস্বী যাদৱলৈ চেণ্ডেল দলিয়ালে উপস্থিত জনতাই-কংগ্ৰেছ পৰা বিজেপিলৈ অহা নেতাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ পাছতেই ৩৭ চেকেণ্ডত দুবাৰকৈ ভৰিত ধৰিলে!-বিহাৰত সুৰা নিষিদ্ধ, কিন্তু তাৰ পাছতো সুৰাপায়ীৰ পছন্দৰ নেতা নীতিশ কুমাৰ: চাওঁক ভিডিঅ'

চান্দা পাৰ্টী বিজেপি: ২০১৮-১৯ত বিজেপিয়েই লাভ কৰিছে সৰ্বাধিক চান্দা-ADR

দ্য ষ্টেটমেন্ট : নিৰ্বাচনৰ লগত জড়িত তথ্যৰ সমীক্ষা কৰা সংস্থা এচছিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (ADR)য়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰিছে যে ২০১৮-১৯ বিত্তীয় বৰ্ষত দেশৰ বহু কেইটা ৰাজনৈতিক দলে  কৰ্প’ৰেট আৰু উদ্যোগপতিৰ পৰা প্ৰায় ৮৭৬ কোটি টকাৰ চান্দা লাভ কৰিছে। ইয়াৰে সৰ্বাধিক চান্দা বিজেপিয়ে লাভ কৰিছে আৰু বিজেপিৰ পাছতে চান্দা লাভ কৰা দলটোৰ নাম হৈছে কংগ্ৰেছ। কংগ্ৰেছৰ পাছতেই এনচিপিয়ে ১৭ টা কৰ্পৰেট গোষ্ঠীৰ পৰা ১১.৩৪৫ কোটি টকা লাভ কৰিছে। 

এচছিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (ADR) য়ে ভাৰতৰ নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা ৰাজহুৱা কৰা তথ্যৰ আধাৰত ঘোষণা কৰিছে যে ২০১৮-১৯ বিত্তীয় বৰ্ষত কৰ্পৰেট আৰু উদ্যোগপতিৰ পৰা বিজেপিয়ে ৬৯৮ কোটি আৰু কংগ্ৰেছে ১২২.৫ কোটি টকা চান্দা হিচাপে লাভ কৰিছে। উল্লেখ্য যে ৰাজনৈতিক দল সমূহে ২০,০০০ ত কৈ অধিক টকা চান্দা হিচাপে লাভ কৰিলে তাৰ তথ্য নিৰ্বাচনী আয়োগৰ হাতত জমা দিব লাগে।

এডিআৰৰ প্ৰতিবেদনত কোৱা হৈছে যে পাঁচটা ৰাষ্ট্ৰীয় দলৰ ভিতৰত বিজেপিক ১,৫৭৩ টা কৰ্পৰেট আৰু উদ্যোগপতিয়ে ৬৯৮.০৮২  কোটি টকাৰ চান্দা প্ৰদান কৰিছে আৰু তাৰ পাছতেই কংগ্ৰেছক ১২২ টা কৰ্পৰেট আৰু উদ্যোগপতিয়ে ১২২.৫ কোটি টকা চান্দা হিচাপে প্ৰদান কৰিছে। 

📣 ইয়াত ক্লিক কৰি পঢ়িব পাৰে ADRৰ ৰিপোৰ্টৰ সবিশেষ।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে মুঠ ৩১৯ টা ঠাইৰ পৰা লাভ কৰা ৩১.৪২ কোটিৰ  চান্দাত দানকৰ্তাৰ ফৰ্মত কোম্পানী বা দানকৰ্তাই কোনো তথ্য প্ৰকাশ কৰা নাই। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.