Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

ব্যৱসায়ী সংগঠনৰ আহ্বানমৰ্মে দেশজুৰি ভাৰত বন্ধ, জন্মু কাশ্মীৰত শিৱসেনাই জ্বলাই দিলে স্কুটী

দ্য ষ্টেটমেন্ট : কনফেডাৰেশ্যন অৱ্ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (CAIT)য়ে GST ব্যৱস্থাৰ পৰিৱৰ্তন আৰু পেট্ৰ’ল-ডিজেলৰ ক্ৰমাগত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি ২৬ ফেব্ৰুৱাৰী তাৰিখে দেশজুৰি ভাৰত বন্ধ কাৰ্য্যসূচী ৰূপায়ণ কৰিছে৷ পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা ‘ভাৰত বন্ধ’ৰ কাৰ্য্যসূচী সন্ধিয়া ৮ বজালৈ পালন কৰা হ’ব৷ সমগ্ৰ দেশতে বন্ধৰ প্ৰভাৱ প্ৰভাৱ পৰিলক্ষিত হৈছে৷ 

CAITয়ে কয় যে দেশত প্ৰচলিত হৈ থকা Goods and Services Tax বা GST এটা বৰ জটিল প্ৰক্ৰিয়া তথা ইয়ে ব্যৱসায়ত ক্ষতি কৰিছে৷ পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত তথা ই-বিল আইন প্ৰত্যাহাৰৰ দাবীত অল ইণ্ডিয়া ট্ৰেন্সপোৰ্ট ৱেলফেয়াৰ এছোচিয়েশ্যনেও ভাৰত বন্ধলৈ সমৰ্থন আগবঢ়াইছে৷ সংযুক্ত কিষাণ মৰ্চায়ো ব্যৱসায়ীসকলে আহ্বান কৰা বন্ধলৈ সমৰ্থন আগবঢ়াইছে৷ কৃষক নেতা দৰ্শন পালে কৈছে যে জিএছটি আৰু তেলৰ মূল্যবৃদ্ধিৰ ফলত দেশৰ ব্যৱসায়ীসকল সমস্যাৰ সন্মুখীন হৈছে আৰু কৃষকো দেশৰ ব্যৱসায়ীসকলৰ পক্ষত আছে৷ 

দেশৰ বহুকেইটা ৰাজনৈতিক দলেও আজি বন্ধৰ দিনটোক সজোৰে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ জন্মু-কাশ্মীৰত শিৱসেনাৰ কাৰ্যকৰ্তাই পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰে আৰু ৰাজপথতে এখন স্কুটী জ্বলাই দিয়ে৷ 

বিহাৰত বিৰোধী দলৰ নেতা তেজস্বী যাদৱে চাইকেল চলাই কাৰ্যালয়লৈ ৰাওনা হৈছে আৰু পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ 

চাওঁক দেশৰ ভিন্ন প্ৰান্তত ভাৰত বন্ধ কাৰ্য্যসূচীৰ কেইখনমান আলোকচিত্ৰ-

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.