Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

‘বংগই কেৱল নিজৰ কন্যাক বিচাৰে, ২ মে’ত মোৰ পুৰণা টুইট উলিয়াই ল’ব’: প্ৰশান্ত কিশোৰ

দ্য ষ্টেটমেন্ট : পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ হৈ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰা প্ৰশান্ত কিশোৰে শনিবাৰে টুইটাৰ যোগে বিজেপিক সমালোচনাৰ লক্ষ্য কৰি লৈছে। 

টুইটাৰত প্ৰশান্ত কিশোৰে লিখে-“দেশত গণতন্ত্ৰৰ বাবে এখন নিৰ্ণায়ক যুদ্ধ পশ্চিমবংগত অনুষ্ঠিত হ’ব আৰু বংগৰ জনতাই নিজৰ বাৰ্তা লৈ সঠিক ৰাস্তা দেখুৱাবলৈ গৈ আছে। বংগই কেৱল নিজৰ কন্যাক বিচাৰে। ২ মে’ৰ ফলাফলৰ পিছত আপোনালোকে মোৰ পুৰণা টুইটৰ প্ৰসংগত কথা পাতিব পাৰে।” 

উল্লেখ্য যে ২১ ডিচেম্বৰ ২০২০ ত প্ৰশান্ত কিশোৰে টুইট কৰি কৈছিল যে যদি বিজেপিয়ে দুটা সংখ্যা পাৰ কৰে, তেতিয়াহ’লে তেওঁ টুইটাৰ এৰি দিব।

দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাই শুক্ৰবাৰে জনায় যে পশ্চিবংগত ৮টা পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ তাৰপিছতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু বাওঁপন্থী দলে নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক লৈ ক্ষোভ প্ৰকাশ কৰে৷ অতীততো বেছি সমষ্টি থকা ৰাজ্যত এটা পৰ্য্যায়তে আৰু কম সমষ্টি থকা ৰাজ্যত বহুকেইটা পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদাহৰণ নথকা নহয় কিন্তু এইটো মানি ল’ব লাগিব যে কেইবাটাও পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’লে দলে ক্ষীপ্ৰতাৰে ৰণনীতি সলনি কৰি পৃথক পৃথক কুচকাৱাজেৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে৷ 

নিৰ্বাচন আয়োগৰ ঘোষণাৰ পিছতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে নিৰ্বাচন আয়োগে বিজেপিৰ শ্ৰুতলিপি অনুযায়ী ৮টা পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে৷ অৱশ্যে ২০১১ চনত মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছ আৰু বাওঁপন্থী দলে ৬টা পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰা সিদ্ধান্তক আদৰণি জনাইছিল৷ 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.