দ্য ষ্টেটমেন্ট : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচত সোমবাৰে ভাৰতীয় ক্ৰিকেট দলে অভিলেখ স্থাপন কৰিছে৷ সন্মুখত পৰাজয় দেখিও টীম ইণ্ডিয়াই সাহসিকতাৰে যুঁজিলে আৰু নিশ্চিত পৰাজয়ৰ পৰা দল উদ্ধাৰ হ’ল৷ ক্ৰিকেট যে অনিশ্চয়তাৰ খেল, সেয়া পুনৰবাৰ প্ৰমাণিত হ’ল৷
সোমবাৰে সমাপ্ত হোৱা তৃতীয়খন টেষ্ট ড্ৰ’ কৰোৱাত ভাৰতীয় দলৰ কেইবাগৰাকীও খেলুৱৈৰ অৱদান মন কৰিবলগীয়া৷ বিশেষকৈ বিৰাট কোহলীৰ অনুপস্থিতিত আজিংক্য ৰাহানেয়ে দলক সু-নেতৃত্ব প্ৰদান কৰা বুলি আজি প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীয়ে স্বীকাৰ কৰিছে৷ টীম ইণ্ডিয়াৰ সাফল্যত অৰিহণা আগবঢ়োৱা এইকেইগৰাকী খেলুৱৈৰ কথা ক্ৰিকেটপ্ৰেমীয়ে মনত ৰাখিব-
১) ঋষভ পান্ট
প্ৰথম ইনিংছত বেটিং কৰাৰ সময়ত আঘাতপ্ৰাপ্ত ঋষভ পান্টে ফিল্ডিং কৰিবপৰা নাছিল৷ অষ্ট্ৰেলিয়াই ৪০০ ৰাণৰ লক্ষ্য বান্ধি দিয়াৰ পিছত ভাৰতীয় দলৰ বাবে এয়া এক ডাঙৰ প্ৰত্যাহ্বান আছিল৷ চতুৰ্থ দিনাই টীম ইণ্ডিয়াই দুটা উইকেট হেৰুৱাইছিল৷ পঞ্চম দিনৰ আৰম্ভণিতে অধিনায়ক আজিংক্য ৰাহানে আউট হয়৷ এনে এক মুহূৰ্তত আঘাতস্বত্বেও বেটিং কৰিবলৈ আহে ঋষভ পান্ট৷ পৰাজয়ৰ দুৱাৰদলিত থিয় হৈ থকা টীম ইণ্ডিয়াৰ ভাগ্য যেন পৰিৱৰ্তন হ’ল৷ ঋষভ পান্টে মাৰমুখী বেটিঙেৰে এটা সময়ত দলক জয়ৰ দিশে আগবঢ়াই নিয়ে৷ ১২ টা বাউণ্ডেৰী আৰু ৩টা ছিক্সাৰেৰে ঋষভ পান্টে ৯৭ ৰাণৰ অনবদ্য ইনিংছ খেলে৷
২) চেতেশ্বৰ পূজাৰা
প্ৰথম ইনিংছত লেহেমীয়া ইনিংছ খেলি সমালোচকৰ চকুত পৰা চেতেশ্বৰ পূজাৰাই প্ৰমাণ কৰিলে যে ধৈৰ্য্যই একমাত্ৰ শক্তি৷ উইকেটৰ এটামূৰে ঋষভ পান্টে বিধ্বংসী বেটিং কৰি থকাৰ সময়তে চেতেশ্বৰ পূজাৰাই ইনিংছ চম্ভালে৷ ৭৭ ৰাণৰ ইনিংছ খেলি চেতেশ্বৰ পূজাৰা আউট হ’লেও ইতিমধ্যে বহুসময় ক্ৰীজত টিকি থাকি তেওঁ অষ্ট্ৰেলিয়াৰ উদ্যম তছনছ কৰি পেলায়৷
৩) হনুমা বিহাৰী
ঋষভ পান্ট আৰু চেতেশ্বৰ পূজাৰাৰ উইকেটৰ পতন হোৱাৰ লগে লগে টীম ইণ্ডিয়াৰ মনত পুনৰ নতুন শংকাৰ সৃষ্টি হ’ল৷ ক্ৰীজলৈ আহিল হনুমা বিহাৰী৷ হেমষ্ট্ৰিং ইনজুৰীৰ ফলত পেইন কিলাৰ খাই হনুমা বিহাৰীয়ে ক্ৰীজত টিকি থাকিল৷ ১৬১টা বলত ২৩ ৰাণ স্কৰ কৰি মেচখন ড্ৰ’ কৰোৱাত হনুমা বিহাৰীয়ে উল্লেখযোগ্য অৱদান আগবঢ়ালে৷
৪) ৰবিচন্দ্ৰন অশ্বিন
টীমৰ বহুকেইজন খেলুৱৈয়ে আঘাত পোৱাৰ পিছত অন্তিম দিনা পৰাজয়ৰ পৰা দলক উদ্ধাৰ কৰাৰ গুৰুদায়িত্ব কান্ধপাতি ল’লে আৰ অশ্বিনে৷ হনুমা বিহাৰীক সুন্দৰ সহযোগিতা আগবঢ়াই দলক পৰাজয়ৰ পৰা উদ্ধাৰ কৰিলে অশ্বিন-বিহাৰী যুটীয়ে৷
৫) ৰবীন্দ্ৰ জাডেজা
ৰবীন্দ্ৰ জাডেজাই প্ৰথম ইনিংছত ভাল বেটিং কৰাৰ পিছত বলিঙ কৰিও চাৰিটা উইকেট দখল কৰে৷ অষ্ট্ৰেলিয়াৰ হৈ ইনিংছ চম্ভালা ষ্টীভ স্মিথক ৰাণ-আউট কৰি ৰবীন্দ্ৰ জাডেজাই অষ্ট্ৰলিয়াই বিশাল স্কোৰ কৰাত বাধা হৈ থিয় দিলে৷ কিন্তু ফিল্ডত আঘাতপ্ৰাপ্ত ৰবীন্দ্ৰ জাডেজাই বেটিং কৰাত অনিশ্চয়তাই দেখা দিছিল৷ বিষ নিৰ্মূলৰ ইনজেকশ্যন লৈ জাডেজা বেটিঙৰ বাবে সাজু হৈছিল আৰু এই দৃশ্যই ক্ৰিকেটপ্ৰেমীৰ মন ভৰাই তুলিছিল৷
এইদৰে টীম ইণ্ডিয়া আজি সংঘবদ্ধ প্ৰচেষ্টাৰ ফলত নিশ্চিত পৰাজয়ৰ পৰা ৰক্ষা পৰে৷ দৰ্শকে ছচিয়েল মিডিয়াত লিখিছে যে বহুদিনৰ বিৰতিত ক্ৰিকেটপ্ৰেমীযে প্ৰকৃত টেষ্ট মেচৰ সোৱাদ লাভ কৰিলে৷
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।