Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি

দ্য ষ্টেটমেন্ট : সৰ্বানন্দ সোনোৱাল চৰকাৰে এই চাৰে চাৰি বছৰত ইমানেই কাম কৰিলে যে চাৰে চাৰি বছৰতেই অসমৰ সকলো সমস্যা শেষ হৈ গ’ল। চৰকাৰৰ হাতত কাম কৰিবলৈ টকা থাকিলেও টকা ক’ত খৰছ কৰিব সেই কথা ভাবি চৰকাৰ বিবুদ্ধিত পৰিছে কাৰণ অসমত এতিয়া কোনো সমস্যাই নাই। ২৩ লাখ নিবনুৱাক ইতিমধ্যে চৰকাৰে চাকৰি প্ৰদান কৰিছে। নিবনুৱা সমস্যা অসমত নায়েই। বানপানী,গৰাখহনীয়াৰ দৰে অসমৰ জ্বলন্ত সমস্যাবোৰৰ সমাধান বিজেপি চৰকাৰে উলিয়াই দিলে। গতিকে এতিয়া এটা কাম কৰিলেই অসমখন সোণৰ অসমলৈ ৰূপান্তৰিত হব আৰু সেইটো হৈছে এতিয়া আমি অসমৰ সভ্যতা ৰক্ষা কৰিব লাগিব। সভ্যতা ৰক্ষা কৰিবলৈ বিজেপিয়ে এতিয়া দুটা শব্দৰ ব্যৱহাৰ কৰিছে, সেই শব্দ দুটা হৈছে মোগল আৰু মিঞা ! শেহতীয়াকৈ মিঞা সংগ্ৰহালয়ৰ কথাক লৈ শব্দৰ প্ৰদূষণ আৰম্ভ কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে মিঞা সংগ্ৰহালয়ৰ সপোন কংগ্ৰেছ বা মিঞা সম্প্ৰদায়ৰ নাছিল। মিঞা সংগ্ৰহালয় নিৰ্মাণ কৰাৰ সপোন বিজেপিয়েহে দেখুৱাইছিল। 

২০১৬ চনৰ মার্চ মাহত বিজেপিয়ে মুকলি কৰা ভিজন ডকুমেণ্টত উল্লেখ কৰিছিল যে বিজেপি চৰকাৰ শাসনলৈ আহিলে শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত চৰ-চাপৰি তথা মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ সাংস্কৃতিক ধৰ্মীয় সা -সামগ্ৰী সংৰক্ষণৰ বাবে আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিব।

কিন্তু বৰ্তমান সময়ত কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলিয়ে চৰ-চাপৰি সংগ্রহালয় নিৰ্মাণৰ বাবে গৰিষ্ঠ সংখ্যক বিজেপি-এজিপিৰ বিধায়কে সমৰ্থন জনোৱা পত্ৰ কলাক্ষেত্ৰৰ বিষয়ালৈ প্ৰেৰণ কৰাৰ পাছতেই বিজেপিয়ে ২০১৬ চনত নিজে দিয়া প্ৰতিশ্ৰুতি পাহৰি এতিয়া হিন্দু-মুছলমানৰ নামত ৰাজনীতি কৰিবলৈ উঠিপৰি লাগিছে। 

📣 ইয়াত ক্লিক কৰি আপুনিও পঢ়ি চাব পাৰে ২০১৬ চনত বিজেপিয়ে প্ৰকাশ কৰা ভিজন ডকুমেন্ট।

অসমৰ মানুহৰ মৌলিক সমস্যালৈ পিঠি দি কেৱল ভোট লাভৰ স্বাৰ্থত আৰম্ভ কৰা হিন্দু মুছলমানৰ এই খেলৰ ফলত নেতাৰ যে লাভ হ’ব সেইটো নিশ্চিত, কিন্তু অসম আৰু অসমীয়াৰ কি লাভ হ’ব, সেইটো সময়েহে ক’ব।

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.