Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক(SI) পৰীক্ষা- বেমেজালি নে‌ কেলেংকাৰী?

নলবাৰীৰ নালন্দা পাব্লিক স্কুলতো ২০ ছেপ্টেম্বৰৰ দিনা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল। সেই বিদ্যালয়ৰ অধ্যক্ষ জিতেন্দ্ৰ কুমাৰ জৈনে পৰীক্ষাৰ দিনা বিদ্যালয়ত উপস্থিত আছিল। পৰীক্ষাৰ্থী ছাত্ৰ এজনে তেওঁক লগ কৰি কি বেদনা প্ৰকাশ কৰিছিল, এই লেখাত তাকেই বৰ্ণনা কৰিছে।

জিতেন্দ্ৰ কুমাৰ জৈন : ২০ চেপ্তেম্বৰৰ দিনা আমাৰ বিদ্যালয়তো এচ আই পৰীক্ষা অনুষ্ঠিত হৈছিল । পৰীক্ষা বাতিল‌ হোৱা বুলি ঘোষণা কৰা হ’ল‌ । এজন সুঠাম যুৱকে মোৰ কাষলৈ  আহি ক’লে-

__ ছাৰ‌ , সঁচাকৈয়ে বাতিল নে ? মোৰ পৰীক্ষা ‌ভাল হৈছে , যিখিনি লিখিলোঁ ।

__হয় নেকি ? বাতিল হৈছে , হয়টো কিবা বেমেজালি । ক’ৰবাত প্ৰশ্নকাকত ফাদিল হৈছে বুলি গম পাইছো ।

__ ছাৰ, বহুত কষ্ট কৰিছো ।শৰীৰ চৰ্চা কৰাৰ পৰা …..পঢ়া শুনা । মোৰ ৰিজাল্ট পাতিও ভাল ।

__ বাৰু ,,,আকৌ পাতিব দিয়া ।

___ ছাৰ , যিহেতু ৰিজাল্ট পাতিও ভাল । আপোনাৰ বিদ্যালয়ত ,,,,কিবা এটা । কাৰণ পৰীক্ষা বা কেতিয়া পাতে ? ৰিজাল্ট বা কেতিয়া ওলায় ? চাকৰি বা কেতিয়া দিয়ে ? তেতিয়ালৈকে অন্ততঃ মোৰ মাৰ দৰৱ পাতি….    

 তেওঁ কোৱা  শেষৰ বাক্য মোৰ এতিয়াও কাণত বাজি আছে । পৰীক্ষা পতা কাৰণে আমি পইচা পালো‌ । Centre In charge হোৱা বাবে মই পোৱা টকাৰ পৰিমাণ আনতকৈ বেছি । পৰীক্ষা বাতিল হোৱা বাবে কষ্ট লাঘৱ‌ । 

___শুনা…১০০০ টকা লোৱা…মাৰ‌ দৰৱ‌ আদি…বাকী আমাৰ বিদ্যালয়ত কিবা কাম আদি…

___ছাৰ‌ , ১০০০ টকাৰ‌ কাম দিয়ক…নহ’লে এই পইচা  নলওঁ। এতিয়াই কিবা কাম কৰিব দিয়ক । মোৰ টকাৰ প্ৰয়োজন । হয়তো high blood pressure ত দেহ বিকল হৈ যোৱা মাক ৫ দিন physiotherapy কৰাব পাৰিম ।

মই যুৱকজনৰ ওপৰত  ‌”ফিদা ” হৈ গ’লো‌ । বাকী কিছু কথা থাকিল । কিছু সময় পিছত স্থানীয় চেনেল এটাৰ সাংবাদিক এজন আহিল‌ ।ক’লো __ প্ৰশ্ন কাকত ফাদিল‌ হোৱাৰ কথা । বাকী চৰকাৰক জগৰীয়া নকৰিলো‌ ।  Principalৰ‌ চকীত বহি থকা কাৰণে নহয় ,কিবা এটা বেমেজালি বুলি ভাবি। পিছত এটাৰ পিছত আন‌ এটা বাতৰি পঢ়ি…এয়া বেমেজালি নে ?

সেই যুৱকজনৰ চকুযুৰি আজিও খেদি ফুৰিছে । তাতকৈ বেছি মোৰ‌ ভিতৰত খং গুজৰি গুমৰি আছে। এচাম নেতা ‌, বিষয়াই কি কৰি আছে ? আগতেও ‌আন আন‌ দলৰ সময়ত চাকৰি বেহাৰ কথা আমি জানো‌ ।

উদ্যোগ-বাণিজ্য গঢ়ি পি কে দত্ত কৌটিপতি হ’লে কথা নাছিল । তেখেত কৌটিপতিৰ‌ সীমা চেৰাই….কোনখন চৰকাৰৰ‌ সান্নিধ্য পোৱা নাই । বৰ্তমানৰ উচ্চ পদস্থ বিষয়াই সহযোগ নকৰিলে প্ৰশ্ন কাকত পি কে মহোদয়ৰ‌ হাতত পৰিল কেনেকৈ ? বিজেপিৰ দিবেন‌ ডেকাক হেনো‌ আমাৰ‌ মন্ত্ৰীয়ে চিনি নাপায় । দিবন ডেকাৰ লগত দত্ত ছাৰৰ যেনে লেনা দেনা ,সেয়া হয়তো  শৰ্মা ছাৰৰ নহয় । সাত‌ শতৰু ঠিক নহয়,কিন্তু আজিৰ কোনোবা শতৰুও স্বীকাৰ কৰে যে‌ শিক্ষকৰ‌ চাকৰিত টকা  পইচাৰ লেনা-দেনা হোৱা নাই । পুৰণা শতৰু বা মোৰ‌ দৰে‌ চকু-চৰহা কোনোবা পুৰণি পাত লিৰিকি বিদাৰি চাই আঙুলি টৌৱালেও  প্ৰমাণ নাই ।বেয়া লাগে! সাৰদা কেলেংকাৰিৰ‌ কথা মনত পৰিলে…কি বা বুজা বুজি হ’ল‌ ? যা হওঁক, কওঁকচোন-এইবোৰ বেমেজালি নে‌ কেলেংকাৰী ? অলপ ব্যাখ্যা কৰিলে ভাল পাম ।

(প্ৰকাশিত লেখা লিখকৰ নিজা মত)

Get real time updates directly on you device, subscribe now.