দ্য ষ্টেটমেন্ট : দেশত চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰি এটাৰ বাবেও এটা নূন্যতম শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰা হয়। কিন্তু নেতাৰ বাবে নূন্যতম শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰা নহয়। পঢ়া শুনা নাথাকিলেও আপুনি নীতি নিৰ্ধাৰণ কৰিব পাৰে। বৰ্তমান সময়ত অসমৰ ১১৯ জন বিধায়কৰ ভিতৰত ৪৪ শতাংশ বিধায়কৰ শিক্ষাগত অৰ্হতা পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণীৰ ভিতৰত।
বিধানসভা নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত উল্লেখ কৰা তথ্যৰ ভিত্তিত ADR য়ে প্ৰকাশ কৰা প্ৰতিবেদনত এটা কথা স্পষ্ট হৈছে যে অসমৰ ১১৯ জন বিধায়কৰ ভিতৰত ৪৪ শতাংশ বিধায়কৰ শিক্ষাগত অৰ্হতা পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণীৰ ভিতৰত।
বর্তমানৰ অসম বিধানসভাৰ বিধায়ক সকলৰ ভিতৰত এজন বিধায়ক কেৱল পঞ্চম শ্ৰেণী উত্তীৰ্ণ আৰু তেওঁ হৈছে কংগ্ৰেছৰ বিধায়ক জামানুদ্দিন আহমেদ। তাৰ উপৰিও দুজন অষ্টম শ্ৰেণী উত্তীৰ্ণ, ২১ জন দশম শ্ৰেণী উত্তীৰ্ণ আৰু ২০ জন দ্বাদশ শ্ৰেণী উত্তীৰ্ণ।
বিজেপিৰ বহুকেইজন বিতৰ্কিত বিধায়ক ক্ৰমে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা হৈছে দশম শ্ৰেণী উত্তীৰ্ণ, শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ শিক্ষাগত অৰ্হতা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ। ডিগবৈৰ বিধায়ক সুৰেন ফুকন, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা, বিজেপি বিধায়ক কুশল দুৱৰীৰ শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ।
উল্লেখ্য যে অসমৰ বিধায়ক সকলৰ শিক্ষাগত অৰ্হতাক লৈ ইতিমধ্যে বহু প্ৰশ্নৰ উত্থাপন হৈছে আৰু লগতে পঢ়া লিখা মানুহক কিয় ভোটাৰে ভোটদান নকৰে, সেই বিষয়েও বহু প্ৰশ্নৰ অৱতাৰণা হৈছে।
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।