Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

কৰ’ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?

দ্য ষ্টেটমেন্ট: দেশত যোৱা ৫ দিনৰ পৰা লাখৰ ঘৰত দেশৰ নাগৰিক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ মাজতে অসম চৰকাৰে আজি বিহু উদযাপনৰ ক্ষেত্ৰত এখন গাইডলাইন জাৰি কৰিছে। কোৱা হৈছে ৰাজ্যখনৰ সকলো বিহু কমিটিয়ে এই গাইডলাইন মানি চলিব লাগিব। 
উল্লেখ্য যে দেশত কৰ’ণাৰ সংক্রমণ বৃদ্ধি হোৱাৰ সময়ত বহাগ বিহু উদযাপনক লৈ কিছু অনিশ্চয়তা আছিল যদিও বৃহস্পতিবাৰে স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি যে, এইবাৰ বিহু উদযাপনৰ কৰিব পাৰিব। কিন্তু বিহু উদযাপনৰ ক্ষেত্ৰত এখন বিশেষ এছঅ’পি প্ৰস্তুত কৰা হ’ব।

চৰকাৰে জাৰি কৰা গাইডলাইন অনুসৰি কি কি নিয়ম পালন কৰিব লাগিব?

১) বিহু অনুষ্ঠান আয়োজন কৰিবলৈ হ’লে আয়োজক সমিতিয়ে জিলা প্ৰশাসনৰ অনুমোদন ল’ব লাগিব।

২) নিশা ১১ বজাত অনুষ্ঠান সমাপ্ত কৰাটো বাধ্যতামূলক।

৩) আয়োজক আৰু স্বেচ্ছাসেৱক উভয়ে অনুষ্ঠানৰ ৩ দিন পূৰ্বে কোভিড টেষ্ট কৰাটো বাধ্যতামূলক।

৪) প্ৰৱেশ দ্বাৰত সকলোৱে হাত চেনিচাইজেশ্বন কৰিব লাগিব।

৫) অনুষ্ঠানস্থলী দিনত দুবাৰ চেনিটাইজেশ্বন কৰিব লাগিব।

৬) বহা আসনৰ দূৰত্ব বৰ্তাই ৰখাটো বাধ্যতামূলক।

৭) কোভিড টেষ্ট কৰাৰ বাবে চৰকাৰী-ব্যক্তিগত কেন্দ্ৰৰ সুবিধা থাকিব।

৮) অনুষ্ঠানস্থলী চাৰিওফালে খোলা থাকিব লাগিব।

৯) সকলোৱে সামাজিক আৰু শাৰীৰিক দূৰত্ব মানি চলাটো বাধ্যতামূলক।

১০) প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে ভালেইকেইখন দ্বাৰ থাকিব লাগিব।

১১) অনুষ্ঠানৰ স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণকাৰী আৰু দৰ্শকক থাৰ্মেল স্কেনাৰেৰে তাপমাত্ৰা নিৰীক্ষণ কৰিহে অনুষ্ঠানস্থলীত প্ৰৱেশ কৰিবলৈ অনুমতি দিব লাগিব।

১২) আয়োজক সমিতিৰ সদস্যসকলে অনুষ্ঠানস্থলীত জনসাধাৰণক টিকাকৰণ কৰাৰ প্ৰতি উৎসাহ জনোৱা আৰু প্ৰয়োজনীয় আচৰণ বিধি অনুসৰণ কৰিবলৈ অনুপ্ৰেৰণা যোগোৱা কথাৰে বেনাৰ তথা পোষ্টাৰ লগাব লাগিব।

১৩) অনুষ্ঠানস্থলীত সহজে সহায় পোৱাকৈ স্বেচ্ছাসেৱক নিয়োজিত হৈ থাকিব লাগিব।

১৪) আয়োজক, স্বেচ্ছাসেৱকসকলে সকলো সময়তে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰস্তুত থাকিব লাগিব।

১৫)আয়োজক, স্বেচ্ছাসেৱক, দৰ্শক সকলোৱে মাস্ক পিন্ধাটো বাধ্যতামূলক।

১৬) প্ৰিন্ট, ইলেক্টনিক আৰু সামজিক মাধ্যমৰ লগত জড়িত সকলো লোকে মাস্ক পিন্ধাৰ লগতে কোভিডৰ প্ৰয়োজনীয় নিয়মসমূহ পালন কৰিব লাগিব।

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত লাইককৰিব পাৰে। আমাৰ ভিডিঅৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক চাবস্ক্ৰাইবকৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.