দ্য ষ্টেটমেন্ট : বাকী সময়ত অসমলৈ মনত পৰক বা নপৰক, কিন্তু নিৰ্বাচনৰ সময়ত দিল্লীৰ নেতাৰ অসমলৈ খুব মনত পৰে। প্ৰধানমন্ত্ৰী মোডীয়েও অসমৰ মোহ হয়তো এৰিব পৰা নাই আৰু সেইবাবে এমাহতে প্ৰধানমন্ত্ৰী গৰাকী তিনিবাৰকৈ অসমলৈ আহিছে বা আহিবলৈ বাধ্য হৈছে।
আজি ধেমাজিৰ চিতলমাৰীত এখন বিশাল জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ধেমাজি আৰু শুৱালকুছিত দুখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। তাৰোপৰি তিনিচুকীয়া গেছ কম্প্ৰেছাৰ ইউনিটৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বঙাইগাঁও তেল শোধনাগাৰৰ ইণ্ডমাস্ক ইউনিটৰো শুভাৰম্ভ কৰে আৰু লগতে বহু কেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
আজিৰ সভাত ভাষণ প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰীক প্ৰশংসাৰে উপচাই পেলাই কয়- “ল’ৰা ছোৱালীক মাক দেউতাকে মৰম কৰাৰ দৰে পৰম শ্ৰদ্ধাৰ মোদীজীয়ে আমাক মৰম কৰিছে, সহায় কৰিছে।” সৰ্বানন্দ সোণোৱালে কয় যে “মোদী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিজন লোকৰ হৃদয়ত বাস কৰে আৰু তেখেতে অসমৰ উন্নতিৰ হকে যি কৰিছে, সেইয়া অতুলনীয় আৰু সেই কথা অসমৰ মানুহে কেতিয়াও পাহৰি নাযায়।”
কি কৈছিল, প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, শুনক:
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।