Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

২৭ মার্চ,১ আৰু ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ নিৰ্বাচন: ২ মে’ত ফলাফল

দ্য ষ্টেটমেন্ট : অসম, পশ্চিমবংগ, কেৰেলা, তামিলনাডু আৰু পুদুচেৰীত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিবলৈ আজি দেশৰ নিৰ্বাচন আয়োগে এখন সংবাদমেলৰ আয়োজন কৰে। 

আজি দিনৰ প্ৰায় ৪:৩০ বজাত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই সংবাদমেল সম্বোধন কৰি কয় যে আজি অসম, পশ্চিমবংগ, কেৰেলা, তামিলনাডু আৰু পুদুচেৰীত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হ’ল। সংবাদমেলৰ আৰম্ভণিতে মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই দেশৰ কোভিড যোদ্ধা সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে বিধানসভাৰ নিৰ্বাচনত সকলোৱে কৰ’ণাৰ নীতি নিৰ্দেশনা পালন কৰিব লাগিব। 

উল্লেখ্য যে ৫ খন ৰাজ্যত মুঠ ৮২৪ টা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব। ১৮.৬৮ কোটি ভোটাৰে ভোটদান কৰিব আৰু ৫ খন ৰাজ্যত ২.৭ লাখ পলিং ষ্টেচন গঠন কৰা হ’ব। 

অসমত কেতিয়া নিৰ্বাচন অনুষ্ঠিত হ’ব?

অসমত তিনিটা পৰ্য্যায়ত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।
১. প্ৰথম পৰ্য্যায়ত  ২৭ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। 

২. দ্বিতীয় পৰ্য্যায়ত ১ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। 

৩. তৃতীয় পৰ্য্যায়ত ৬ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ২মে’ত নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব।

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.