Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

কৃষি আইন শেষ কৰিবলৈ ৰাজস্থান চৰকাৰে সদনত উত্থাপন কৰিছে ৬ খন বিধেয়ক

দ্য ষ্টেটমেন্ট : ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে শনিবাৰে জয়পুৰত বিধানসভাৰ বিশেষ অধিবেশনৰ আহ্বান জনায় ৷ এই অধিবেশন কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইন সমাপ্ত কৰিবলৈ আহ্বান কৰা হৈছে ৷ ইয়াৰ বাবে সদনৰ মজিয়াত ৬ খন বিধেয়ক উত্থাপন কৰিছে অশোক গেহলট নেতৃত্বাধীন ৰাজস্থান চৰকাৰে ৷

সংসদীয় কাৰ্য মন্ত্ৰী শান্তি ধাৰীৱালে সদনৰ মজিয়াত উত্থাপন কৰা বিধেয়কৰ ভিতৰত- কৃষি উৎপাদিত বেপাৰ আৰু বাণিজ্য সংবৰ্ধন আৰু সৰলীকৰণ ৰাজস্থান সংশোধন বিধেয়ক ২০২০, কৃষক সশক্তিকৰণ আৰু সংৰক্ষণ বিধেয়ক ২০২০, আৱশ্যকীয় সামগ্ৰী অধিনিয়ম আৰু ৰাজস্থান সংশোধন বিধেয়ক ২০২০, অসামৰিক প্ৰক্ৰিয়া সংহিতা ৰাজস্থান সংশোধন বিধেয়ক ২০২০ ৷ইয়াৰ লগতে তেওঁ প্ৰক্ৰিয়া সংহিতা (ৰাজস্থান সংশোধন) বিল ২০২০ক বিধানসভা অধিৱেশনৰ আগদিনা বিধানসভাৰ মজিয়াত উত্থাপন কৰে ৷ ইয়াৰ পিছত সদনত পূৰ্বৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু অন্য নেতাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ শোক সভাৰ পিছত বিধানসভাৰ অধিৱেশন ২ নৱেম্বৰ অৰ্থাৎ সোমবাৰলৈ স্থগিত ৰাখে ৷

বিৰোধী নেতা ৰাজেন্দ্ৰ সিং ৰাথোড়ে কয় যে কেন্দ্ৰীয চৰকাৰে আইন প্ৰণয়ন কৰাৰ পিছত ৰাজ্য চৰকাৰে বিধেয়ক উত্থাপন কৰাৰ কোনো অৰ্থ নাই৷ বিজেপি নেতা তথা বিধায়ক মদন দিলাৱৰে কয়-‘কংগ্ৰেছে নিজৰ পকেট ভৰাবলৈ কৃষি আইনৰ বিৰোধীতা কৰি বিধেয়ক উত্থাপন কৰিছে৷ সকলো ৰাহুল গান্ধীৰ নিৰ্দেশমৰ্মে কৰি থকা হৈছে৷’

ইফালে ৰাজস্থানৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী প্ৰতাপ সিং খাচৰিয়াবাসে কয়- “বিজেপি দলে বৰ অহংকাৰী ৰূপ লৈছে৷ আইন গৃহীত কৰাৰ আগতে তেওঁলোকে কৃষক সংগঠনৰ সৈতে কথা পাতিব লাগিছিল৷ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা আইনৰ বিৰোধীতা কৰি ৰাজ্য চৰকাৰে বিধেয়ক গৃহীত কৰাৰ অধিকাৰ আছে৷ ৰাজস্থান চৰকাৰে উত্থাপন কৰা বিধেয়ক কেৱল কৃষকৰ সুৰক্ষাৰ বাবেহে৷” উল্লেখযোগ্য যে, ইয়াৰ আগতে পাঞ্জাৱ চৰকাৰেও কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰোধীতা কৰি তিনিখনকৈ বিধেয়ক গৃহীত কৰিছে৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.