Support Free Journalism
  Breaking News
প্ৰধানমন্ত্ৰীয়ে অসম-কেৰালালৈ গৈ আছে, কৃষকক সাক্ষাৎ কৰিবলৈহে সময় নাই: চিদাম্বৰম-'বংগই কেৱল নিজৰ কন্যাক বিচাৰে, ২ মে'ত মোৰ পুৰণা টুইট উলিয়াই ল'ব': প্ৰশান্ত কিশোৰ-পশ্চিমবংগত ৮টা পৰ্য্যায়ত নিৰ্বাচন- কিয় অসন্তুষ্ট মমতা বেনাৰ্জী?-প্ৰহাৰ-পলাতক-পুৰস্কাৰ-গ্ৰেপ্তাৰ: আৰক্ষীক প্ৰহাৰ কৰা বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ-"শৈশৱৰ সপোন আজি বাস্তৱত পৰিণত হ'ল"- অসম আৰক্ষীৰ উপ-অধীক্ষক হিমা দাস-অসমৰ ব্ৰাহ্মণ-পুৰোহিত নহয়, বাহিৰৰ পৰা অহা শ-শ পূজাৰীয়েহে অসমত অনুষ্ঠিত কৰে মহাযজ্ঞ-জলসিঞ্চন বিভাগে বাতিল কৰিলে ২৪৬টা কণিষ্ঠ সহায়ক পদৰ পৰীক্ষা: ভবেশ কলিতাৰ ঘোষণা-অসমক আন্দোলন,হিংসাৰ বাবেহে জানিছিল, কিন্তু এতিয়া বিকাশৰ সূচনা হৈছে: অমিত শ্বাহ-'মোদী দংগাবাজ,ট্ৰাম্পতকৈও বেয়া সময়ে মোদীৰ বাবে অপেক্ষা কৰি আছে'-মমতা-এমাহ ধৰি ICUত ৰখা ৰোগীৰ মৃত্যুক লৈ পুনৰ বিতৰ্কত GNRC: ছচিয়েল মিডিয়াত সকলো কথা লিখিলে আত্মীয়ই

মাজত ৮৫ টা বছৰ-‘জয়মতী’ৰ পৰা ‘গৰু’লৈ…

অৰূপ কলিতা: “কিছুদিনলৈ অসমীয়া মানুহে অসমীয়া ফিল্মক বাঙালী বা হিন্দী বা আমেৰিকান কথাছবিৰ সৈতে তুলনা কৰিবলৈ নগৈ অসমীয়া ছবি যি কোৱালিটীৰে নহওঁক তাকে প্ৰথম শ্ৰেণীৰ ছবি ছোৱাৰ আগ্ৰহেৰে চাই যাব লাগিব আৰু প্ৰডিউচাৰক উৎসাহ দি যাব লাগিব ৷ প্ৰত্যেক লোকেই কেনেকৈ অসমীয়া প্ৰডিউচাৰে আৰু দুটামান পইচা বেছিকৈ পায় , তালৈ মনোযোগ দিব লাগিব ৷বিদেশী ফিল্ম (অৱশ্যে যি ফিল্মৰ পৰা শিক্ষা লভিব পাৰি তেনে ফিল্ম এৰি ) চোৱাৰ মাত্ৰাটো কমাই সেই পইচাখিনি অসমীয়া ফিল্মক দুই তিনিবাৰকৈ চাই হ’লেও দিবলৈ চেষ্টা কৰিব লাগিব ৷…”

১৯৩৩ চনত চিত্ৰবন প্ৰতিষ্ঠা,আইদেউ সন্দিকৈক সৈমান কৰোৱাৰ পৰা ‘জয়মতী ‘ৰ নিৰ্মাণ আৰু মুক্তিলৈ–জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেয়া আছিল অসমীয়া সংস্কৃতিলৈ যুগান্তকাৰী অৱদান ৷ কিন্তু প্ৰথমখন অসমীয়া চিনেমাৰ মুক্তিৰ পাছত সকলো হিচাপ-নিকাচ কৰি জ্যোতিপ্ৰসাদে দেখিলে যে তেওঁৰ এই দীঘলীয়া প্ৰচেষ্টাত প্ৰায় ৩০ হাজাৰ টকাৰ লোকচান হ’ল ৷ স্বীকৃতিৰ সলনি সন্মুখীন হ’ল অনেক কটু সমালোচনাৰ ৷ তাৰ বহু বছৰ পাছত তেওঁ অত্যন্ত বেজাৰেৰে ‘অসমীয়া ফিল্ম শিল্প গঢ়াত অসমীয়া দৰ্শকৰ দায়িত্ব‘ শীৰ্ষক ৰচনাখন লিখিছিল,য’ৰ পৰা ওপৰৰ কথাখিনি তুলি অনা হৈছে ৷

অসমীয়া চিনেমাৰ আৰম্ভণিৰ যাত্ৰাকালতে জ্যোতিপ্ৰসাদে লক্ষ্য কৰিছিল যে এখন সম্পূৰ্ণ মনোৰঞ্জন দিব পৰা চিনেমা নিৰ্মাণত যিমান খৰচ হয় , সিমান ধন অসমৰ বজাৰৰ পৰা সংগ্ৰহ নহয় ৷ সেয়ে তেওঁ অসমীয়া চিনেমা দুবাৰ – তিনিবাৰকৈ চাবলৈকো দৰ্শকক অনুৰোধ জনাইছিল ৷ ‘জয়মতী’ নিৰ্মাণৰ সময়ত অসমীয়া চিনেমাৰ প্ৰদৰ্শন এটা ডাঙৰ সমস্যা আছিল ৷ এই সমস্যাৰ পৰা মুক্তিৰ পথ  দেখুৱাই জ্যোতিপ্ৰসাদে আন এখন ৰচনাত এইদৰে লিখিছিল –‘ …আৰু এটা কথা আছে ৷ সেইটো হ’ল অসমত অসমীয়াৰ নিজৰ টকী হাউচ থকা ৷ অসমীয়াৰ যদি নিজৰ টকী হাউচ অসমৰ প্ৰত্যেক টাউনত নাথাকে তেন্তে অসমীয়া ফিল্মক দিয়া ৰাইজৰ আধাখিনি টকা যাব অনা-অসমীয়া টকী হাউচৰ মালিকৰ জেপলৈ ৷ সেই হিচাপেও অসমীয়াৰ বহু টকা অসমীয়া ফিল্মৰ মাজেদিও বিদেশীৰ হাতলৈ যাবলৈ বাধ্য ৷সেইকাৰণে অসমীয়া কাৰবাৰী লোকে সাহ কৰি য’ত অসমীয়াৰ টকী হাউচ নাই , তাত অসমীয়া হল নিৰ্মান কৰিবলৈ যত্নপৰ হ’ব লাগিব ৷’…

মাজত আঠটা দশক পাৰ হৈ গ’ল ৷ ১৯৩৩ চনত ‘জয়মতী’ৰ নিৰ্মাণ আৰম্ভ হৈছিল, মুক্তি পাইছিল ১৯৩৫ চনত ৷ তাৰ পাছৰ ৮৫টা বছৰতো অসমীয়া চিনেমা উদ্যোগৰ অৱস্থা চালুকীয়া হৈয়েই থাকিল ৷ আজিও অসমীয়া চিনেমা মুক্তি দিবলৈ ছবিগৃহৰ অভাৱ৷ তেনেই সীমিত এখন বজাৰ ৷ প্ৰযোজকৰ লাভ হোৱাৰ সম্ভাৱনা অতি ক্ষীণ ৷ গতিকে অধিক বিনিয়োগৰো অৱকাশ নাই ৷ স্বাভাবিকতে সীমিত বাজেট , সীমিত পৰিসৰত অসমীয়া চিনেমাৰ আশা কৰা ধৰণে  উত্তৰণ হোৱা নাই ৷ প্ৰতিকূলতাৰ মাজতো ‘ভিলেজ ৰকষ্টাৰ’ৰ দৰে চিনেমা নিৰ্মান হৈছে ৷ এনে ব্যতিক্ৰমী প্ৰচেষ্টাই গুণগত দিশত অসমীয়া চিনেমাক নতুন মাত্ৰা দিলেও চিনেমা উদ্যোগটোক সকাহ দিব পৰা হোৱা নাই ৷

জ্যোতিপ্ৰসাদে তাহানিতে অসমীয়া মানুহৰ মালিকানাৰ চিনেমা হল নিৰ্মাণৰ আহ্বান জনাইছিল,যিটো আজিও সাকাৰ নহ’ল ৷ বৰং বিদেশী বহুজাতিক কোম্পেনীৰ মাল্টিপ্লেক্সৰ ওপৰত অসমীয়া চিনেমা অধিক  নিৰ্ভৰশীল  হৈ পৰিল৷ সাম্প্ৰতিক পৰিস্থিতি আৰু বেছি জটিল৷ প্ৰযুক্তিৰ বৰ্ধিত খৰছ,কৰ কাটল, আকাশলংঘী বিজুলীৰ দৰ-এইবোৰৰ মাজত অসমৰ গাঁৱে ভূঞে যে সোনকালে চিনেমা হল নিৰ্মাণ হৈ উঠিব , সেয়া দূৰ কল্পনাৰ বিষয় ৷ তেনেহ’লে কি অসমীয়া চিনেমাই বজাৰ নাপাবই নেকি ? অনা-অসমীয়া বিতৰক ,মাল্টিনেচনেল কোম্পেনীৰ কঠিন চৰ্তৰ মাজত ‘অসমীয়া ফিল্ম শিল্প’ গঢ়াৰ জ্যোতিপ্ৰসাদৰ সপোনটো মৰহি যাব নেকি?

বিগত ৮৩টা বছৰত জাতীয় শিল্পবিধক লৈ চৰকাৰসমূহ  যিমান দায়বদ্ধ হ’ব লাগিছিল,তাৰ তিলমানো প্ৰতিফলন নঘটিল ৷ এনে এক হতাশাজনক পৰিৱেশৰ মাজত মুক্তি পাবলৈ ওলাইছে এখন নতুন অসমীয়া চিনেমা “গৰু”৷ পৰিচালক হিমাংশু প্ৰসাদ দাসৰ নতুন চিনেমা৷ চিনেমা হিচাপে ‘গৰু’ কিমান সফল,তাৰ মূল্যায়ন দৰ্শকে কৰিব ,কিন্তু এটা মাত্ৰ কাৰণতে অসমীয়া চিনেমাৰ দীঘলীয়া যাত্ৰাত ,এই চিনেমাখনৰ মুক্তি এক মাইলৰ খুটি হৈ ৰ’ব ৷ সেয়া হ’ল – ‘গৰু’ৰ মুক্তিৰ দু:সাহসিক আৰু অভিনৱ প্ৰচেষ্টা ৷

মাল্টিপ্লেক্সৰ সলনি ‘গৰু ‘ মুক্তি পাব অসমৰ প্ৰান্তে প্ৰান্তে থকা ৰাজহুৱা প্ৰেক্ষাগৃহসমূহত ৷ উদ্যোক্তা হ’ব স্থানীয় গোট,সংগঠনবোৰ৷ অৰ্থাৎ এই প্ৰক্ৰিয়াত কোনো অনা-অসমীয়া বিতৰক ,বহুজাতিক কোম্পেনীৰ লাভ-লোকচানৰ অংক জড়িত নাই ৷ চিনেমা প্ৰদৰ্শনৰ জড়িয়তে যি পইচা আহিব ,তাৰ ভাগ পাব পোনপটীয়াকৈ প্ৰযোজক আৰু আয়োজকে ৷ হয়তো প্ৰথমবাৰৰ বাবে অসমীয়া চিনেমাৰ পইচা কেৱল অসমৰ অসমীয়া মানুহৰ হাততে থাকি যাব ৷

প্ৰত্যাহ্বান আৰু প্ৰতিকূলতাৰ মাজত অসমীয়া চিনেমা উদ্যোগৰ বাবে ই হ’ব এক যুগান্তকাৰী ঘটনা ৷‘পথাৰ আমাৰ, বজাৰ আমাৰ’ শ্ল’গানৰ মাজত ‘গৰু’ৰ সফলতাই সামগ্ৰিকভাৱে অসমীয়া চিনেমাক দিব পাৰে এখন নতুন বজাৰৰ সন্ধান ৷ ‘গৰু’ৰ খোজৰ আঁত ধৰিয়েই অসমীয়া চিনেমাই স্বাৱলম্বী হোৱাৰ নতুন পথ বিচাৰি পাব পাৰে ৷ সেয়ে ‘গৰু’ৰ মুক্তিৰ মুহুৰ্তত আকৌ প্ৰাসংগিক হৈ উঠিছে জ্যোতিপ্ৰসাদৰ সেই উপলব্ধি- “অসমত ফিল্ম শিল্প এটা গঢ়ি নুতুলিলে অসমীয়াৰ পৰিত্ৰাণ নাই ,ৰক্ষা নাই ৷ বিশেষকৈ সৰু সৰু ল’ৰা-ছোৱালীবোৰ,স্কুল-কলেজৰ ল’ৰাবোৰৰ ওপৰত চিনেমাৰ যি দুৰ্দান্ত – ইহঁতৰ মন চালুকীয়া কালতে বিদেশী সভ্যতা,কৃষ্টি ইত্যাদিয়ে দকৈ সাঁচ বহুৱাই দিব আৰু অতি সোনকালে বিজতৰীয়া কৰি পেলাব ৷ বিদেশী ফিল্মৰ পৰা আত্মৰক্ষা কৰিবলৈ হ’লে অসমীয়া মানুহে লোকচান ভৰি হ’লেও ফিল্ম উলিয়াবই লাগিব ৷ নহ’লে অসমৰ নিজা গৱৰমেন্টেই হওঁক বা বিশ্ববিদ্যালয়েই হওঁক,অসমীয়াৰ সুকীয়া সভ্যতা,কৃষ্টি , সংগীত,ভাষা আৰু সামাজিক আদৰ্শক নিৰাপদে ৰাখিব নোৱাৰিব …৷” এই শিল্প গঢ়াত দৰ্শকৰ ভূমিকাৰ বিষয়েও জ্যোতিপ্ৰসাদে তাহানিতে সকীয়াই থৈ গৈছে ৷

Get real time updates directly on you device, subscribe now.