Support Free Journalism
  Breaking News
প্ৰধানমন্ত্ৰীয়ে অসম-কেৰালালৈ গৈ আছে, কৃষকক সাক্ষাৎ কৰিবলৈহে সময় নাই: চিদাম্বৰম-'বংগই কেৱল নিজৰ কন্যাক বিচাৰে, ২ মে'ত মোৰ পুৰণা টুইট উলিয়াই ল'ব': প্ৰশান্ত কিশোৰ-পশ্চিমবংগত ৮টা পৰ্য্যায়ত নিৰ্বাচন- কিয় অসন্তুষ্ট মমতা বেনাৰ্জী?-প্ৰহাৰ-পলাতক-পুৰস্কাৰ-গ্ৰেপ্তাৰ: আৰক্ষীক প্ৰহাৰ কৰা বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ-"শৈশৱৰ সপোন আজি বাস্তৱত পৰিণত হ'ল"- অসম আৰক্ষীৰ উপ-অধীক্ষক হিমা দাস-অসমৰ ব্ৰাহ্মণ-পুৰোহিত নহয়, বাহিৰৰ পৰা অহা শ-শ পূজাৰীয়েহে অসমত অনুষ্ঠিত কৰে মহাযজ্ঞ-জলসিঞ্চন বিভাগে বাতিল কৰিলে ২৪৬টা কণিষ্ঠ সহায়ক পদৰ পৰীক্ষা: ভবেশ কলিতাৰ ঘোষণা-অসমক আন্দোলন,হিংসাৰ বাবেহে জানিছিল, কিন্তু এতিয়া বিকাশৰ সূচনা হৈছে: অমিত শ্বাহ-'মোদী দংগাবাজ,ট্ৰাম্পতকৈও বেয়া সময়ে মোদীৰ বাবে অপেক্ষা কৰি আছে'-মমতা-এমাহ ধৰি ICUত ৰখা ৰোগীৰ মৃত্যুক লৈ পুনৰ বিতৰ্কত GNRC: ছচিয়েল মিডিয়াত সকলো কথা লিখিলে আত্মীয়ই

অস্তাচলত কংগ্ৰেছ, আঞ্চলিকতাবাদেই ভৰসা

অৰূপ কলিতা– প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ ঘৰত চাহ খালে ৷ স্বাভাৱিকতে একাপ চাহৰ লগত আৰু বহু কথাৰ নাস্তা চলি যায়৷ সৰুপথাৰৰ বিধায়িকা ৰ’জলীনা তিৰ্কীয়েতো বিজেপিৰ কাৰ্যালয়ত ভাতেই খালেগৈ৷ বিটিচিৰ এমচিএলএ গৰাকীয়ে দল সলাবলৈ ২৪ ঘন্টাও নল’লে৷ কমল কুমাৰ মেধিৰ পাছত দলটোৰ আৰু বহু প্ৰাৰ্থিত্বপ্ৰয়াসীয়ে দল এৰিবলৈ সাজু হৈছে৷ দলত্যাগী কংগ্ৰেছীৰ মিছিলটো কম সময়ৰৰ ভিতৰত দীঘলীয়া হৈ গৈ আছে৷

হতাশা ঢাকিবলৈ সভাপতি ৰিপুণ বৰাই কৈছে – “অজন্তা নেওগেই নহয় আৰু বহুত বাঘা বাঘা নেতাই ইয়াৰ আগতেও দল এৰিছে ৷ কিন্তু দলৰ কোনো ক্ষতি হোৱা নাই ৷” ক্ষতি হ’বলৈ আৰু বাকী থাকিল কি ? কেইজনমান ৰাবাৰ ষ্টাম্প নেতা,জৰাজীৰ্ণ কাৰ্যালয়কেইটাৰ বাদে?

১৫ বছৰ ৰাজ্য শাসন কৰা দলটো ক্ষমতাৰ পৰা আঁতৰাৰ ৫ বছৰৰ ভিতৰত কল্পনাতীত খহনীয়াৰ সন্মুখীন হৈছে ৷ নবীন-প্ৰবীণ সকলো নেতাই নেতৃত্বৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে। অসম কংগ্ৰেছৰ কথা বাদেই ,নিখিল ভাৰত কংগ্ৰেছ কমিটীয়েও সীমাহীন বিলাই বিপত্তিৰ পৰা কোনো শিক্ষা লোৱা নাই৷ কেইবাটাও নিৰ্বাচনী বিপৰ্যয়ৰ পাছতো দলটোৰ পূৰ্ণকালীন সভাপতি এগাৰাকী আজিলৈ নিযুক্তি দিয়া নহ’ল ৷ পৰিস্থিতি গুৰুতৰ ৷ কিন্তু চিকিৎসা বাদেই , ৰোগ নিৰ্ণয় কৰিবলৈকে দলটো সাজু নহয় ৷ ৰোগ ইতিমধ্যে বহু পুৰণি হৈছে , গভীৰলৈ শিপাইছে ৷ আৰোগ্য লাভৰ আশা ক্ৰমাৎ ক্ষীণ হৈ আহিছে৷ বিগত দুটা লোকসভা নিৰ্বাচনৰ ফলাফলে দেখুৱাই দিছে যে কংগ্ৰছৰ ভৱিষ্যৎ দলৰ নেতৃত্বই ভবাতকৈ বহু বেছি ভয়াৱহ ৷

দেশৰ আটাইতকৈ পুৰণি দলটো ২০১৪ আৰু ২০১৯ চনৰ নিৰ্বাচনত ক্ৰমাগত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে ৷ দুটাকৈ লোকসভা নিৰ্বাচনত কংগ্ৰেছ থমকি ৰৈছে মাত্ৰ ৪৪ আৰু ৫২ খন আসনত ৷ এই বিপৰ্যয় এদিনতে নামি অহা নাই ৷ নেতৃত্বৰ অহমিকাই কংগ্ৰেছৰ শ্মশানযাত্ৰাৰ পথ কেইবা দশক আগতেই প্ৰশস্ত কৰি দিছে ৷ দেশৰ প্ৰায়কেইখন বৃহৎ ৰাজ্যতেই দলটোৱে নিজৰ খোপনি ইতিমধ্যে হেৰুৱাই পেলাইছে৷ য’ত এবাৰ কংগ্ৰেছৰ কঁকাল পৰিছে,তাৰ পাছত আৰু পোনাব পৰা নাই ৷

হিন্দী বলয়ৰ এখন বৃহৎ ৰাজ্য বিহাৰত কংগ্ৰেছৰ শেষৰগৰাকী মুখ্যমন্ত্ৰী আছিল ১৯৯০ চনত ৷ তেওঁৰ নাম জগন্নাথ মিশ্ৰ ৷ লালুপ্ৰসাদ যাদৱ আৰু পৰৱৰ্তী সময়ত নীতিশ কুমাৰৰ উত্থানে কংগ্ৰেছৰ উত্থানৰ পথ চিৰকাললৈ বিহাৰত অৱৰুদ্ধ কৰি পেলাইছে ৷ লালুপ্ৰসাদৰ দল আৰ জে ডিৰ হাতত ধৰি কংগ্ৰেছে বিহাৰত নিজৰ অস্তিত্ব কোনোমতে জাহিৰ কৰি আছে৷ মিত্ৰদল হিচাপে তাতো কংগ্ৰেছৰ ফলাফল অতি হতাশজনক

দেশৰ সৰ্বাধিক জনবহুল ৰাজ্য উত্তৰ প্ৰদেশত কংগ্ৰেছ পিটিকাত দিবলৈও নাই ৷ উত্তৰ প্ৰদেশত দলটোৰ শেষ মুখ্যমন্ত্ৰীগৰাকী আছিল হাইকামাণ্ডৰ বিশ্বস্ত , পাছলৈ অতি বিতৰ্কিত ৰাজনীতিক নাৰায়ন দত্ত তিৱাৰী , ১৯৮৯ চনত৷ তাৰ পাছত মূলায়ম সিঙ যাদৱ, কল্যান সিঙ,মায়াৱতী,অখিলেশ যাদৱৰ পৰিক্ৰমা অতিক্ৰমি উত্তৰ প্ৰদেশৰ শাসন এতিয়া যোগী আদিত্যনাথৰ হাতত ৷

চুবুৰীয়া পশ্চিমবংগত ১৯৭৭ৰ জৰুৰীকালীন সময়তে কংগ্ৰেছৰ অধ্যায়ৰ যৱনিকা পৰিছে ৷ মহাৰাষ্ট্ৰত কংগ্ৰেছ ২০১৪ চন পৰ্যন্ত শাসনত আছিল , কিন্তু কংগ্ৰেছৰ পৰা বহিষ্কৃত শাৰদ পাৱাৰৰ কৃপাধন্য হৈ ৷ বিনিময়ত পাৱাৰক কেন্দ্ৰীয় মন্ত্ৰীসভাত সন্মানজনক পদবী দিবলগীয়া হৈছিল ৷ দাক্ষিণাত্যৰ ৰাজ্য তামিলনাডুত কংগ্ৰেছ শাসনলৈ আহিছিল ১৯৬৭ চনতে, যেতিয়া মাদ্ৰাছৰ পৰা তামিলনাডু গঠনেই হোৱা নাছিল ৷ তাৰ পাছৰে পৰা দক্ষিণৰ ৰাজ্যখন সলনাসলনিকৈ এ আই ডি এম কে আৰু ডি এম কেৰ দখলত আছে ৷কেৱল উত্তৰ প্ৰদেশ,বিহাৰ,মহাৰাষ্ট্ৰ ,তামিলনাডু – কেৱল এই চাৰিখন ৰাজ্যত দুই শতাধিক লোকসভাৰ আসন আছে – য’ত দীঘলীয়া সময় ধৰি কংগ্ৰেছ নিজৰ ভৰিৰ ওপৰত থিয় হ’ব পৰা নাই ৷ ইয়াৰ বাহিৰেও গুজৰাট,উৰিষ্যা,দিল্লী আদি ৰাজ্যত যে দলটো সোনকালে ক্ষমতালৈ ঘূৰি আহিব পাৰিব,তেনে আশা নকৰাই ভাল ৷

অসম আৰু সামগ্ৰিকভাৱে উত্তৰ পূৰ্বাঞ্চলতো কংগ্ৰেছৰ অৱস্থা ডুবন্ত নাৱৰ দৰে৷ কিয় আৰু কাৰ বাবে এনে দশা হ’ল কংগ্ৰেছৰ ? ক’ৰ পৰা কংগ্ৰেছৰ পতনৰ আৰম্ভণি ?এই প্ৰশ্নৰ উত্তৰৰ বাবে কেইটামান উদাহৰণেই যথেষ্ট ৷ ১৯৯৮ চনত কংগ্ৰেছৰ পৰা আঁতৰি আহি মমতা বেনাৰ্জীয়ে গঠন কৰিছিল তৃণমূল কংগ্ৰেছ ৷ দলটোৱে ধাৰাবাহিক দুটা কাৰ্যকালৰ বাবে পশ্চিমবংগ শাসন কৰি আছে ৷

১৯৯৯ত কংগ্ৰছে দলৰ পৰা বহিষ্কাৰ কৰা দুগৰাকী নেতা আছিল শাৰদ পাৱাৰ আৰু পি এ চাংমা ৷ পৰৱৰ্তী সময়ত মহাৰাষ্ট্ৰত পাৱাৰৰ হাতত ধৰিয়েই কংগ্ৰেছ ক্ষমতাৰ কক্ষপথত থাকিবলগীয়া হৈছে ৷ প্ৰয়াত পি এ চাংমাৰ পুত্ৰ কনৰাড চাংমা এতিয়া মেঘালয়ৰ মুখ্যমন্ত্ৰী ৷

অন্ধ্ৰপ্ৰদেশত কংগ্ৰেছৰ মূল নাবিক ৱাই এছ ৰাজশেখৰ ৰেড্ডীৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ জগনমোহন ৰেড্ডীয়ে উচিত মৰ্যাদা লাভ নকৰিলে ৷ পৰিণতিত জগনমোহন ৰেড্ডীয়ে গঠন কৰিলে ৱাই এছ আৰ কংগ্ৰেছ আৰু দলটো এতিয়া অন্ধ্ৰপ্ৰদেশৰ শাসনত ৷

জ্যোতিৰাদিত্য সিন্ধিয়া,হিমন্ত বিশ্ব শৰ্মাৰ দলত্যাগৰ কাহিনী নকলোৱেই যেনিবা ৷ শচীন পাইলটৰ ক্ষোভে কেতিয়া বিস্ফোৰণৰ ৰূপ লয় , তাৰ বাবে এতিয়া সময়ৰ অপেক্ষা মাথোঁ ৷ প্ৰতিশ্ৰুতিসম্পন্ন নেতাসকলৰ প্ৰতি উপেক্ষা আৰু অৱদমন কংগ্ৰছেৰ পতনৰ যে অন্যতম মূল কাৰণ , তাক আৰু বেলেগকৈ প্ৰতিষ্ঠাৰ প্ৰয়োজন নাই ৷ ইয়াৰ বাহিৰেও আৰু বহু সামাজিক-ৰাজনৈতিক কাৰণ আছে ৷ ইয়াৰ বিশ্লেষণ নিশ্চয় বিশেষজ্ঞসকলে কৰিব ৷ কিন্তু পৰিৱৰ্তিত পৰিস্থিতিয়ে প্ৰমাণ কৰিছে যে য’ত কংগ্ৰছৰ অকাল মৃত্যু হৈছে ,তাতেই উত্থান হৈছে আঞ্চলিক শক্তিৰ ৷ এন চি পি ,আৰ জে ডি , এছ পি , টি এম চি , ৱাই এছ আৰ কংগ্ৰেছ , এন পি পি -এই দলসমূহৰ যদিও সৰ্বভাৰতীয় পৰিচয় আছে , তেওঁলোকৰ ৰাজনৈতিক তৎপৰতা মূলত: নিজৰ ৰাজ্যসমূহতে সীমাৱদ্ধ ৷ কংগ্ৰেছৰ খহনীয়াৰ পোনপটীয়া লাভ্যাৰ্থী এই দলসমূহেই ৷

এইবাৰ অসমৰ পাল ৷ কংগ্ৰেছ অস্তাচলত ৷ একেসময়তে নতুন আঞ্চলিক শক্তিৰ অভ্যুত্থানৰ সময়ো এয়া ৷ এনে পৰিস্থিতিৰ সুবিধা নতুন দলসমূহে কেনেদৰে ল’ব পাৰে,সেয়া নিৰ্ভৰ কৰিব তেওঁলোকৰ নেতৃত্বৰ বিচক্ষণতা আৰু দৃঢ়তাৰ ওপৰত ৷ কিন্তু কংগ্ৰেছ অসমত নি:শ্চিহ্ণ হোৱাৰ মুহূৰ্তত আঞ্চলিকতাবাদেই যে বিৰোধী ৰাজনীতিৰ মূল ভৰষা হৈ উঠিব , তাত তিলমানো দ্বিধা নাই ৷

Get real time updates directly on you device, subscribe now.