Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

চৰকাৰী চিকিৎসালয়ৰ পৰা চোৰে লৈ গ’ল কৰ’ণাৰ ১৭১০ ড’জ ভেকচিন: CCTV ত বন্দী হ’ল দৃশ্য

দ্য ষ্টেটমেন্ট: দেশত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ভয়ানকভাৱে বৃদ্ধি হৈছে। যোৱা ২৪ ঘণ্টাত ৩ লাখতকৈ অধিক লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২ হাজাৰতকৈ অধিক ৰোগীৰ মৃত্যু হৈছে। কৰ’ণাৰ সংক্রমণ বাঢ়ি যোৱাৰ সময়তে কৰ’ণাৰ ভেকচিন বৰ্তমান সময়ত সঞ্জীৱনী হিচাপে চিহ্নিত হৈছে। 
ভেকচিনক লৈ মানুহৰ মনত ভয় সংশয় থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে সেই ভয় সংশয় দূৰ কৰাৰ বাবে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে  কেৱল ০.০২ শতাংশৰ পৰা ০.০৪ শতাংশ লোকহে ভেকচিন লোৱাৰ পিছত পুনৰ কৰ’ণাত আক্ৰান্ত হৈছে। অৰ্থাৎ ১০০০০ ভেকচিন লোৱা লোকৰ ভিতৰত কেৱল ২ ৰ পৰা ৪ জন লোকেহে কৰ’ণাত আক্ৰান্ত হৈছে।

কেন্দ্ৰীয় চৰকাৰে ভেকচিনৰ প্ৰসংগত এই তথ্য প্ৰকাশ কৰাৰ পিছতেই দেশত এতিয়া ভেকচিনৰ কলা বজাৰ আৰম্ভ হৈছে। ইতিমধ্যে হাৰিয়ানাত ভেকচিন চুৰি হোৱাৰ ঘটনাও পোহৰলৈ আহিছে। হাৰিয়ানাৰ এখন চৰকাৰী চিকিৎসালয়ৰ পৰা চোৰে ১৭১০ ড’জ কৰ’ণাৰ ভেকচিন চুৰি কৰাৰ ঘটনা CCTV কেমেৰাত বন্দী হৈছে।

উল্লেখ্য যে ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি হাৰিয়ানাৰ জিন্দৰ এখন চিকিৎসালয়ৰ ষ্টৰৰুমত এই ভেকচিন সমূহ ৰখা হৈছিল। কিন্তু দুজন চোৰে ষ্টৰৰুমৰ চাৰিটা তলা ভাঙি ফ্ৰীজত থোৱা সকলো ভেকচিন লৈ যাবলৈ সক্ষম হয়। চিকিৎসালয়ৰ লোকে জানিবলৈ দিয়ে যে চিকিৎসালয় খনত এতিয়া এটাও ভেকচিন উপলব্ধ নহয়। চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীক এই বিষয়ে অৱগত কৰিছে আৰু আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। 

চিকিৎসালয় কৰ্তৃপক্ষই জনোৱামতে ষ্টৰৰুমত লেপটপৰ লগতে ৫০ টকাও আছিল। কিন্তু চোৰে কেৱল ১৭১০ ড’জ কৰ’ণাৰ ভেকচিন লৈ গুচি যায়। ইতিমধ্যে দুজন চোৰে চুৰি কৰা এই সমগ্ৰ চুৰি প্ৰক্ৰিয়া CCTV ত বন্দী হৈছে।

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত লাইককৰিব পাৰে। আমাৰ ভিডিঅৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক চাবস্ক্ৰাইবকৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.