দ্য ষ্টেটমেন্ট : সুশান্ত সিং ৰাজপুটৰ আত্মহত্যাৰ পাছৰে পৰাই কংগনাই নিজৰ মন্তব্যক লৈ প্ৰতিদিনে সংবাদমাধ্যমৰ শিৰোনামা দাখিল কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে চৰকাৰৰ পৰা তেওঁ Y কেটেগৰী সুৰক্ষাও লাভ কৰিছে।
এইবোৰৰ মাজতে বৃহস্পতিবাৰে বলিউডৰ জনপ্ৰিয় ছবি নিৰ্মাতা অনুৰাগ কাশ্যপ আৰু অভিনেত্ৰী কংগণা ৰানাৱটৰ লগত টুইটাৰত তৰ্ক-বিতৰ্ক আৰম্ভ হ’ল। কংগনাই কৰা এটা টুইটৰ অনুৰাগ কাশ্যপে উত্তৰ দিয়াৰ পাছতেই এই তৰ্ক বিতৰ্কৰ সূচনা হ’ল।
কংগনাই টুইট কৰি ক’লে যে “মই একৰাকী ক্ষত্ৰিয় হয়, দৰকাৰ হলে মূৰ কাটি দিম কিন্তু মূৰ তল নকৰো, দেশৰ সন্মানৰ বাবে সদায় মুক্তভাৱে কথা কৈ যাম। মান, সন্মান আৰু স্বাভিমানৰ সৈতে জীয়াই আছো আৰু গৰ্বেৰে ৰাষ্ট্ৰবাদী হৈ জীয়াই আছো। সিদ্ধান্তৰ লগত কোনো বুজাপৰা কৰা নাই আৰু নকৰোঁ।”
কংগনাৰ এই টুইটৰ পাছতেই অনুৰাগ কাশ্যপে টুইট কৰি কয়, ” বছ একমাত্ৰ তুমিয়েই আছা ভন্টি, একমাত্ৰ মণিকৰ্ণিকা, তুমি চাৰি-পাঁচ জনক লৈ চীনক আক্ৰমণ কৰিবলৈ আগবাঢ়ি যোৱা। তুমিটো গম পাইছাই চীন কিমান ভিতৰলৈকে সোমাই আহিছে। দেখুৱাই দিয়া চীনকো যে যেতিয়ালৈকে তুমি আছা, এই খন দেশক কোনোয়ে একো কৰিব নোৱাৰে। তোমাৰ ঘৰৰ পৰা LAC কেৱল এটা দিনৰ যাত্ৰা। যোৱা শ্বেৰণী, জয় হিন্দ।”
অনুৰাগ কাশ্যপৰ এই টুইটৰ উত্তৰ দি কংগনাই কি লিখিলে পঢ়ক-
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।