Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

অসমক আন্দোলন,হিংসাৰ বাবেহে জানিছিল, কিন্তু এতিয়া বিকাশৰ সূচনা হৈছে: অমিত শ্বাহ

দ্য ষ্টেটমেন্ট : বহুকেইটা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ২৪ তাৰিখৰ নিশা গুৱাহাটীত উপস্থিত হয় আৰু আজি পুৱাৰ ভাগতে গৃহমন্ত্ৰী গৰাকী নগাঁওত উপস্থিত হয়। 

নগাঁওৰ এখন সভাত ভাষণ প্ৰদান কৰি অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৫ বাৰ উত্তৰ পূৰ্বাঞ্চললৈ আহিছে আৰু মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত এক নতুন বিকাশৰ সূচনা হৈছে। গৃহমন্ত্ৰী গৰাকীয়ে কয় যে এটা সময়ত অসমক কেৱল আন্দোলন,হিংসাৰ বাবেহে জানিছিল। বিভিন্ন ধৰণৰ আন্দোলন হৈছিল। কিন্তু এতিয়া বিকাশৰ সূচনা হৈছে আৰু মোদীয়ে অসমৰ গৌৰৱ বৃদ্ধি কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়াস কৰিছে।

শ্বাহে কয় যে, কংগ্ৰেছৰ এটা পদ্ধতি আছে, নিৰ্বাচনৰ সময়তহে দেখা দিয়ে। বাকী সময়ত দিল্লীত ঘূৰি ফুৰি আনন্দ কৰি থাকে।কিন্তু নিৰ্বাচন আহিলে আকৌ ওলাই আহে।

অসম আন্দোলনৰ সময়ত যি কংগ্ৰেছে অসমৰ যুৱকৰ ওপৰত গুলীবৰ্ষণ কৰিছে,তাক জয় কৰিবৰ বাবে আন্দোলন কৰা সকলে বেলেগ বেলেগ নামেৰে ভাৰতীয় জনতা পাৰ্টীৰ ভোট কৰ্তন কৰাৰ কাম কৰিছে। কংগ্ৰেছক জয় কৰা তেওঁলোকৰ লক্ষ্য। সকলোৱে জানে তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে। অসমক দুৰ্নীতি মুক্ত আৰু শান্তিপূৰ্ণ অঞ্চল কেৱল বিজেপিয়েহে কৰিব পাৰিব।

শ্বাহে কংগ্ৰেছক প্ৰত্যাহ্বান জনাই কয়-“মই আজি এই মঞ্চৰ পৰা কংগ্ৰেছৰ নেতা সকলক প্ৰত্যাহ্বান জনাই কওঁ যে আমি কি কি বিকাশ কৰিছো তাৰ হিচাপ দিছো, কিন্তু কংগ্ৰেছৰ শাসনত ইয়াত কি বিকাশ হ’ল তাৰ হিচাপ নিকাচ লৈ বিজেপিৰ ওচৰলৈ আহক। ৭০ বছৰত কংগ্ৰেছে যি কৰা নাই, সেয়া বিজেপি চৰকাৰে ৭ বছৰত কৰিছে।” 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.