Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

তুৰ্কীৰ ফাৰ্ষ্ট লেডীক আমিৰ খানৰ সাক্ষাতৰ পাছতেই বিবাদ আৰম্ভ : আমিৰ খান তুৰ্কীত সুৰক্ষিত?

দ্য ষ্টেটমেন্ট : বলীউদৰ অভিনেতা আমিৰ খানে তুৰ্কীৰ যাত্ৰাত থকাৰ সময়তে ৰাজধানী ইস্তানবুলত ফাৰ্ষ্ট লেডী এমিন এদ্ৰগনক সাক্ষাৎ কৰাৰ পাছতেই ছচিয়েল মিডিয়াত আমিৰ খান তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। আমিৰ খানক সাক্ষাৎ কৰাৰ পাছতেই এমিনে টুইট কৰি লিখে “বিশ্বৰ এজন পৰিচিত ভাৰতীয় অভিনেতা, ছবিনিৰ্মাতা, নিৰ্দেশক আমিৰ খানক ইস্তানবুলত লগ পাই ভাল লাগিল। মই এই কথা জানি সুখী হ’লো হে যে  আমিৰে নিজৰ আহিবলগীয়া ছবি লাল সিং চাদ্দাৰ শ্বুটিং তুৰ্কীৰ কিছু অংশত কৰিব বিচাৰিছে।” সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে এই ছবিখন ১৯৯৪ চনত মুক্তি পোৱা ফৰেষ্ট গাম্পৰ ৰিমেক। সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে তুৰ্কীৰ প্ৰথম মহিলাই সামাজিক বিষয়বোৰ ছবিৰ জৰিয়তে সাহসেৰে প্ৰকাশ কৰাৰ বাবে আমিৰ খানৰ প্ৰশংসা কৰে।

তুৰ্কীৰ ফাৰ্ষ্ট লেডীক আমিৰ খানে সাক্ষাৎ কৰাৰপাছতেই ছচিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হৈছে আমিৰ খান। বিশ্ব হিন্দু পৰিষদৰ আলোক কুমাৰে আমিৰ খানক সমালোচনা কৰি কয়, “আজিকালি কিছু ব্যক্তি আৰু অভিনেতাৰ ভাৰত বিৰোধীৰ সৈতে প্ৰেম জোখতকৈ অধিক বৃদ্ধি পাইছে। তুৰ্কীৰ প্ৰথম মহিলাক সাক্ষাৎ কৰি ভাৰতৰ এজন অভিনেতাই বহুত কথাৰেই ইংগিত প্ৰদান কৰিছে।”

আদৰ্শ কুমাৰ নামৰ এজনে টুইট কৰি কয়, আমিৰ খানে ভাৰতত সুৰক্ষিত অনুভৱ নকৰে, কিন্তু তেওঁ ভাৰত বিৰোধী তুৰ্কীত সুৰক্ষিত অনুভৱ কৰিছে। তেওঁৰ ছবি ৰিলিজ হোৱা লৈকে এই ফটো মনত ৰাখিব। আমাৰ টকাক আমাৰ বিপৰীতে ব্যৱহাৰ কৰিবলৈ নিদিব।

উল্লেখ্য যে তুৰ্কীৰ ফাৰ্ষ্ট লেডীক আমিৰ খানে এইসময়ত সাক্ষাৎ কৰিছে যি সময়ত ভাৰত আৰু তুৰ্কীৰ মাজৰ সম্বন্ধ ভাল অৱস্থাত নাই। ১৯৪৮ চনত ভাৰত আৰু তুৰ্কীৰ মাজত ৰাজনৈতিক সম্বন্ধৰ স্থাপন হৈছিল। কিন্তু কিছু মাহৰ পৰা তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰ্ডোগানৰ কিছু মন্তব্যত ভাৰতে আপত্তি দৰ্শাইছিল। বিশেষকৈ জম্মু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাক লৈ এৰ্ডোগানে প্ৰকাশ কৰা মন্তব্যৰ ভাৰতে বিৰোধীতা কৰিছিল। যোৱা বছৰ ছেপ্টেম্বৰ মাহত কাশ্মীৰৰ প্ৰসংগ তেওঁ সংযুক্ত ৰাষ্ট্ৰসভাত উঠাইছিল। এৰ্ডোগানে কৈছিল যে ভাৰতীয় কাশ্মীৰত ৮০ লাখ মানুহ গৃহবন্দী হৈ আছে। তেওঁৰ এই মন্তব্যত ভাৰতে আপত্তি প্ৰকাশ কৰি এই কথাক ভাৰতৰ আন্তৰিক বিষয় হিচাপে অভিহিত কৰিছিল।

?আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.