Support Free Journalism
  Breaking News
'তুমি মোক ভোট দিয়া, মই তোমাক বিনামূলীয়া ভেকচিন দিম': টুইটাৰত কিয় এই প্ৰতিক্ৰিয়া-দৰমহাৰ পইচাৰে চলিব পৰা নাই, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব খুজিছে বৰিছ জনচনে-হোৱাটছএপত ‘পৰ্ণ’ শ্বেয়াৰ কৰি ৰোষৰ বলি হ'ল গোৱাৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা কাভেলকাৰ-বিহাৰৰ সকলো লোককে বিনামূলীয়াকৈ কৰ'ণাৰ প্ৰতিষেধক দিম: বিজেপিৰ ঘোষণাপত্ৰ-মহাৰাষ্ট্ৰ বিজেপিৰ জ্যেষ্ঠ নেতা একনাথ খড়চেৰ পদত্যাগ: যোগদান কৰিব শৰদ পাৱাৰৰ NCPত-“পইচা দে নহ’লে উগ্ৰপন্থী লগাই উঠাই দিমঃ” ধন দাবী কৰি ধৰা পৰিল এবিভিপিৰ নেতা-IPL 2020: পশ্চিম পাঠকক আপুনিও মহিলা আম্পায়াৰ বুলি ভুল ভাবিছে নেকি?-বিহাৰ নিৰ্বাচন- ভাষণ দিবলৈ সাজু হওঁতে তেজস্বী যাদৱলৈ চেণ্ডেল দলিয়ালে উপস্থিত জনতাই-কংগ্ৰেছ পৰা বিজেপিলৈ অহা নেতাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ পাছতেই ৩৭ চেকেণ্ডত দুবাৰকৈ ভৰিত ধৰিলে!-বিহাৰত সুৰা নিষিদ্ধ, কিন্তু তাৰ পাছতো সুৰাপায়ীৰ পছন্দৰ নেতা নীতিশ কুমাৰ: চাওঁক ভিডিঅ'

মিনিটতে ষ্টক খালী হ’ল চীনা ফোন OnePlus 8 আৰু OnePlus 8 Proৰ

দ্য ষ্টেটমেন্ট : চীনৰ সামগ্ৰী বৰ্জনৰ হুংকাৰ চলি আছে৷ যোৱা ১৫ জুন তাৰিখে ভাৰত চীন সীমান্তত ২০ জনকৈ ভাৰতীয় সেনা শ্বহীদ হোৱাৰ পিছত চীনা সামগ্ৰী বৰ্জনৰ বাবে ভাৰতৰ বিভিন্ন অঞ্চলত ধৰ্ণা কাৰ্যসূচীও গঢ়ি তোলা হৈছে৷ ইয়াৰ আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ কথা কৈছিল আৰু পাৰ্যমানে কম পৰিমাণে বিদেশৰ সামগ্ৰী ব্যৱহাৰৰ অনুৰোধ জনাইছিল৷ তাৰপিছতে চীনৰ বিৰুদ্ধে ভাৰতত ডিজিটেল যুদ্ধ আৰম্ভ হ’ল৷ প্ৰথমে চীনত নিৰ্মিত ‘টিকটক্’ এপ আনইনষ্টল কৰাৰ এক এঘোষিত প্ৰতিযোগিতা চলিল৷ তাৰপিছত চীনা এপ বৰ্জনৰ বাবে মোবাইলত ‘ৰিমোভ চাইনা এপ’ ইনষ্টল কৰাৰো জোৱাৰ আৰম্ভ হ’ল৷ তাৰপিছতে গুগ’ল প্লে ষ্টৰৰ পৰা ‘ৰিমোভ চাইনা এপ’ উঠাই দিয়া হ’ল৷ চীনা সামগ্ৰী বৰ্জনৰ হুংকাৰ চলি থাকোতে চীনৰ এটা মোবাইল কোম্পানীয়ে ১৮ জুন তাৰিখে কেইবাহাজাৰো স্মাৰ্টফোন বিক্ৰী কৰিলে ভাৰতত৷ OnePlus 8 Pro নামৰ ফোনটো Amazon ই-কমাৰ্চ প’ৰ্টেলৰ জৰিয়তে ভাৰতত বিক্ৰীৰ বাবে মুকলি কৰা হৈছিল৷ বিক্ৰীৰ বাবে মুকলি কৰাৰ এক মিনিটৰ ভিতৰতে সকলো ষ্টক খালী হৈ গ’ল বুলি খবৰ প্ৰকান পাইছে৷ 5G সেৱাযুক্ত OnePlus 8 Pro ফোনৰ অভূতপূৰ্ব বিক্ৰীৰ পিছতে দেশজুৰি চৰ্চা লাভ কৰিছে এটা প্ৰশ্নই- ‘ভাৰতে সঁচাকৈ চীনা সামগ্ৰী বৰ্জন কৰিব পাৰিবনে?’ কাৰণ ভাৰতৰো বহুকেইটা মোবাইল ফোন নিৰ্মাতা কোম্পানী আছে যদিও গ্ৰাহকসকলে সেয়া আঁকোৱালি লোৱা পৰিলক্ষিত হোৱা নাই৷ সেইবাবেই চীনৰ Oppo, Vivo, Realme, Xiaomi, OnePlus আদি কোম্পানীয়ে ভাৰতৰ মোবাইল ফোনৰ বজাৰখন প্ৰায় একপক্ষীয়ভাৱে দখল কৰি পেলাইছে৷ মূলত সস্তা দামত অধিক সুবিধা প্ৰদান কৰি চীনৰ এই ব্ৰেণ্ডসমূহে গ্ৰাহকক বিশেষভাৱে আকৰ্ষিত কৰি আহিছে৷

?আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.