Support Free Journalism
  Breaking News
'তুমি মোক ভোট দিয়া, মই তোমাক বিনামূলীয়া ভেকচিন দিম': টুইটাৰত কিয় এই প্ৰতিক্ৰিয়া-দৰমহাৰ পইচাৰে চলিব পৰা নাই, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব খুজিছে বৰিছ জনচনে-হোৱাটছএপত ‘পৰ্ণ’ শ্বেয়াৰ কৰি ৰোষৰ বলি হ'ল গোৱাৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা কাভেলকাৰ-বিহাৰৰ সকলো লোককে বিনামূলীয়াকৈ কৰ'ণাৰ প্ৰতিষেধক দিম: বিজেপিৰ ঘোষণাপত্ৰ-মহাৰাষ্ট্ৰ বিজেপিৰ জ্যেষ্ঠ নেতা একনাথ খড়চেৰ পদত্যাগ: যোগদান কৰিব শৰদ পাৱাৰৰ NCPত-“পইচা দে নহ’লে উগ্ৰপন্থী লগাই উঠাই দিমঃ” ধন দাবী কৰি ধৰা পৰিল এবিভিপিৰ নেতা-IPL 2020: পশ্চিম পাঠকক আপুনিও মহিলা আম্পায়াৰ বুলি ভুল ভাবিছে নেকি?-বিহাৰ নিৰ্বাচন- ভাষণ দিবলৈ সাজু হওঁতে তেজস্বী যাদৱলৈ চেণ্ডেল দলিয়ালে উপস্থিত জনতাই-কংগ্ৰেছ পৰা বিজেপিলৈ অহা নেতাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ পাছতেই ৩৭ চেকেণ্ডত দুবাৰকৈ ভৰিত ধৰিলে!-বিহাৰত সুৰা নিষিদ্ধ, কিন্তু তাৰ পাছতো সুৰাপায়ীৰ পছন্দৰ নেতা নীতিশ কুমাৰ: চাওঁক ভিডিঅ'

সকলো মাদ্ৰাছা বন্ধ কৰি দিয়ক, কিন্তু ৬ কোটি হিন্দুক চাকৰি আৰু ১৫ লাখ টকা দিয়ক: AIMIMৰ নেতা

দ্য ষ্টেটমেন্ট : অসম চৰকাৰে চৰকাৰী মাদ্ৰাছা বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ পাছতেই আৰু কুম্ভমেলাৰ খৰছক লৈ দেশত তর্ক বিতৰ্ক আৰম্ভ হৈছে। দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বিষয়টোৱে চর্চা লাভ কৰিছে। টিভি চেনেল নিউজ ১৮ ইণ্ডিয়াৰ ডিবেট শ্ব ‘আৰ-পাৰ’ত এই বিষয়ক লৈ অনুষ্ঠিত কৰা এখন ডিবেটত অংশ লৈ AIMIMৰ নেতা অসীম ৱকাৰক কুম্ভমেলাৰ লগত মাদ্ৰাছাক তুলনা কৰা কথাটো সঁচাকৈ যুক্তিসংগত নেকি সেই প্ৰশ্ন সোধা হৈছিল। তাৰ উত্তৰত অসীম ৱকাৰে কয় যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰকাৰ গঠন কৰাৰ সময়ত কৈছিল যে তেখেতৰ চৰকাৰে প্ৰতি বছৰে দুই কোটিৰ চাকৰিৰ সৃষ্টি কৰিব আৰু লগতে প্ৰতিজন ব্যক্তিয়ে ১৫ লাখকৈ টকাও লাভ কৰিব। 

AIMIMৰ নেতাজনে কয়- “সেই হিচাপত ছয় বছৰত ১২ কোটি চাকৰিৰ সৃষ্টি হ’ব লাগিছিল। এতিয়া আপুনি ছয় কোটি চাকৰি কেৱল হিন্দুক  প্ৰদান কৰক। মুছলমানক সেই চাকৰি দিব নালাগে। লগতে ছয় কোটি হিন্দুক ১৫-১৫ লাখকৈ টকাও দিয়ক আৰু তাৰ পাছত সকলো মাদ্ৰাছা বন্ধ কৰি দিয়ক। এখনো মাদ্ৰাছা কতো খোলা নাৰাখিব আৰু যদি ক’ৰবাত মই মাদ্ৰাছা খোলাটো দেখোঁ তেতিয়াহ’লে সেই কথা ময়েই আপোনাক জনাই দিম।” 

উল্লেখ্য যে অসমৰ স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য খনত থকা মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ বন্ধ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰি কৈছিল যে  আমাৰ চৰকাৰে  ধাৰ্মিক শিক্ষাৰ নামত চৰকাৰী টকা খৰছ নকৰে। অসম চৰকাৰে এতিয়াও ৰাজ্যখনত ৬১৪ খন মাদ্ৰাছা আৰু ১০০ খন সংস্কৃত টোল চৰকাৰী খৰছত চলাই আছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.