Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

দেশত কৰ’ণাৰ দ্বিতীয় পৰ্য্যায়ৰ সংক্রমণ,জৰুৰী নোহোৱালৈ ঘৰৰ পৰা নোলাব: AIIMSৰ ডাইৰেক্টৰ

দ্য ষ্টেটমেন্ট : দেশৰ ৰাজধানী দিল্লীত কৰ’ণা ভাইৰাছৰ সংক্রমণৰ সংখ্যা পুনৰ তীব্ৰ গতিত বৃদ্ধি পাইছে। যদিও বহু লোকে এই সংক্রমণক তৃতীয় পৰ্য্যায়ৰ সংক্রমণ আখ্যা দিছে কিন্তু AIIMSৰ ডাইৰেক্টৰ ডাঃ ৰনদ্বীপ সিং গুলেৰীয়াই কয় যে দেশত তৃতীয় পৰ্য্যায়ৰ সংক্রমণ আৰম্ভ হোৱা নাই, দেশত দ্বিতীয় পৰ্য্যায়ত চলি থকা কৰ’ণাৰ সংক্রমণ বৃদ্ধি হৈছে। ৰনদ্বীপ সিং গুলেৰীয়াই কয় যে দেশৰ নাগৰিকে সামাজিক দূৰত্ব পালন নকৰাৰ বাবে আৰু মাস্ক পৰিধান নকৰাৰ বাবেই দেশত পুনৰ সংক্রমণ বৃদ্ধি পাইছে। 

দিল্লীত সৃষ্টি হোৱা বায়ু প্ৰদূষণৰ কথা উল্লেখ কৰি ডাঃ ৰনদ্বীপ সিং গুলেৰীয়াই কয় যে প্ৰদূষণৰ কাৰণে ভাইৰাছ বহুত সময় ধৰি বতাহত থাকে আৰু সেইবাবে প্ৰদূষণ আৰু ভাইৰাছ, এই দুয়োটাই মানুহৰ হাওঁফাওঁত আক্ৰমণ কৰিব পাৰে। তেওঁ কয় যে কৰ’ণা ভাইৰাছ এতিয়ালৈকে দেশত শেষ হোৱা নাই গতিকে সকলো নাগৰিকেই মাস্ক পৰিধান কৰিব লাগে আৰু যদি আমি সাৱধান নহওঁ, তেতিয়াহ’লে দেশত কৰ’ণাত আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি পাব।

ডাঃ গুলেৰীয়াই কয় যে যুৱ প্ৰজন্মই এই ভাইৰাছক গভীৰভাৱে গ্ৰহণ কৰা নাই। তেওঁলোকে ভাৱে যে তেওঁলোক আক্ৰান্ত হ’লে পাতল সংক্ৰমণৰ সন্মুখীন হ’ব গতিকে সামাজিক দূৰত্ব বা মাস্ক পৰিধান কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। কিন্তু তেওঁলোকৰ এই ধাৰণা ভুল কাৰণ তেওঁলোকে এই সংক্রমণ ঘৰলৈ লৈ গৈ আছে আৰু ফলত বয়সীয়া লোকসকল কৰ’ণাত আক্ৰান্ত হৈছে। 

শেষত তেওঁ কয় যে ভেকচিন বজাৰলৈ নহালৈকে সামাজিক দূৰত্ব পালন কৰা আৰু মাস্ক পৰিধান কৰাটোৱেই হৈছে সংক্রমণৰ পৰা বাছি থকাৰ একমাত্ৰ উপায় আৰু প্ৰয়োজনতহে ঘৰৰ বাহিৰলৈ ওলাব লাগে আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগে।

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.