দ্য ষ্টেটমেন্ট : ২০২০ চনৰ ডিচেম্বৰত ঝাৰখণ্ডৰ পাকুড় ডিভিজনৰ বন কাৰ্যালয়ৰ সন্মুখত শ্ৰমিক-মজদুৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ প্ৰায় ২৫০ জন শ্ৰমিকক ৯ মাহ ধৰি বেতন দিয়া হোৱা নাছিল ৷ ইয়াৰ পিছতে পাকুড় ফৰেষ্ট ৰেঞ্জাৰ অনিল কুমাৰ সিঙে এখন জনহিত আবেদন উচ্চ ন্যায়ালয়ত দাখিল কৰি ঘটনা সন্দৰ্ভত তেওঁলোকক হস্তক্ষেপ কৰাৰ আহ্বান জনায় ৷
ঝাৰখণ্ড চৰকাৰে ফৰেষ্ট ৰেঞ্জাৰ অনিল কুমাৰ সিঙক জাননী জাৰি কৰি কাৰণ দৰ্শাব দিলে ৷ অনিল কুমাৰ সিঙক জাননীৰ উত্তৰ দিবলৈ এমাহৰ সময় দিছে ঝাৰখণ্ড চৰকাৰে ৷ অনিলে কুমাৰ সিঙে দিয়া আবেদন অনুসৰি, শ্ৰমিকৰ বেতন বন্ধ কৰি দিয়া হৈছিল ৷ কাৰণ পাকুড় ফৰেষ্ট ডিভিজনত ডিভিজনেল ফৰেষ্ট অফিচাৰৰ পোষ্ট খালী আছিল ৷ ১৭ ফেব্ৰুৱাৰীত অনিল কুমাৰ সিঙে সচিব সন্তোষ কুমাৰ চৌবেৰ দ্বাৰা চহী কৰা এখন জাননী লাভ কৰে, য’ত ১৭ মাৰ্চৰ ভিতৰত তেওঁক উত্তৰ দিবলৈ কোৱা হৈছে৷
জাননীত অনিল কুমাৰ সিঙৰ ওপৰত বিভাগীয় অনুসন্ধানৰ নিৰ্দেশ দিয়া হৈছে ৷ তেওঁৰ কাম-কাজক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷ কৈছে যে এটা টীমে অনিলৰ বিগত দিনৰ গতিবিধিসমূহ লক্ষ্য কৰি আছে ৷
চৰকাৰী কৰ্মচাৰী হোৱাৰ পিছতো চৰকাৰৰ বিৰোধীতা কৰি উচ্চ ন্যায়ালয়ত জনহিতাৰ্থে আবেদন দাখিল কৰিছে অনিল কুমাৰে ৷ খবৰ অনুসৰি দুটাকৈ ঘটনাৰ বাবে শাস্তি প্ৰদান কৰাৰ পিছতো অনিলে নিজৰ স্থিতিত অটল হৈ আছে।
ঘটনা সন্দৰ্ভত কি ক’লে ফৰেষ্ট ৰেঞ্জাৰে?
ইণ্ডিয়ান এক্সপ্ৰেছৰ ৰিপোৰ্ট অনুসৰি, অনিলে কয় যে শ্ৰমিকৰ বাবে তেওঁৰ দ্বাৰা দাখিল কৰা আবেদন যুক্তিপূৰ্ণ আছিল ৷ অনিল কুমাৰ সিঙে কয়-“মই শ্ৰমিকৰ বাবে যি কৰিলো সেয়া শ্ৰমিকৰ হিতৰ বাবে আছিল ৷ মোৰ ওপৰত মিছা অভিযোগ দিয়া হৈছে, কাৰণ মই জ্যেষ্ঠ বিষয়াক উৎকোচ দিয়াৰ পৰা বিৰত আছিলো ৷ মোৰ ওপৰত অভিযোগ উত্থাপন হৈছে যে মই ২.৪১ লাখ টকাৰ ভুৱা ভাউচাৰ পৰিশোধ কৰিছো ৷ যিজন মানুহে সেই ভাউচাৰখন পৰিশোধ কৰিছে তেওঁৰ একো নহ’ল, কিন্তু মোক শাস্তি প্ৰদান কৰিছে ৷ আৰু এটা ঘটনাত মোক বায়’মেট্ৰিক্স এটেণ্ডেঞ্চক লৈ শাস্তি প্ৰদান কৰিছিল যেতিয়া বাহিৰত আছিলো ৷ এই দুটা ঘটনাৰ বাবে মোক শাস্তি দিয়া হৈছিল, মই আদালতলৈও গৈছিলো ৷”
উল্লেখযোগ্য যে, শ্ৰমিকৰ পক্ষত থিয় হোৱা বাবে অনিল কুমাৰ সিঙ কেইবাবাৰো ভাবুকিৰ সন্মুখীন হৈছে। প্ৰকাশিত খবৰ অনুসৰি অনিল কুমাৰ সিঙক অৱসৰ প্ৰদান কৰাৰো ভয় দেখুওৱা হৈছে।
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।