Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

ঘৃণনীয়! সুশান্ত সিঙৰ বাবে দুখ প্ৰকাশ কৰা সকলে এতিয়া ৰিয়া চক্ৰৱৰ্তীক আত্মহত্যা কৰিবলৈ কৈছে

দ্য ষ্টেটমেন্ট : অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক ছচিয়েল মিডিয়াত ধৰ্ষণ আৰু হত্যাৰ ভাবুকি প্ৰদান কৰিছে ৷ এই কথা ৰিয়া চক্ৰৱৰ্তীয়ে মেচেজৰ স্ক্ৰীণশ্বট আপলোড কৰি প্ৰকাশ কৰিছে ৷ ৰিয়াই যিগৰাকী য়ুজাৰৰ স্ক্ৰীণশ্বট ইনষ্টাগ্ৰামত প্ৰকাশ কৰিছে সেইটো প্ৰ’ফাইলত এগৰাকী ছোৱালীৰ ফটো লগোৱা আছে ৷ এতিয়াও স্পষ্ট নহয় যে য়ুজাৰ জন ল’ৰা নে ছোৱালী ৷ য়ুজাৰ জনে মেছেজত লিখিছে, “মই সুনিশ্চিত যে আপোনাৰ ধৰ্ষণ আৰু হত্যা হোৱা উচিত ৷ তই আত্মহত্যা কৰ নহ’লে মই আজি বা কালি তোক মাৰিবলৈ মানুহ পঠিয়াম ৷” 

এই মেচেজ শ্বেয়াৰ কৰি ৰিয়াই চাইবাৰ ক্ৰাইমক কঠোৰ শাস্তি বিহিবলৈ আহ্বান জনায় ৷ তেওঁ লিখে যে ” মোক লালসা কৰা বুলি কয়, মই মনে মনে আছো ৷ মোক হত্যাকাৰী বুলি কয়, মই মনে মনে আছো ৷ কিন্তু মোৰ মৌনতাই আপোনাক এই অধিকাৰ কেনেকৈ দিছে যে আপুনি মোক ক’ব মই আত্মহত্যা নকৰিলে ধৰ্ষণ আৰু হত্যা কৰিবলৈ মানুহ পঠিয়াব? আপুনি জানেনে, আপুনি যি কৈছে তাৰ গম্ভীৰতা কিমান? এইটো এটা অপৰাধ আৰু আইনৰ মতে কোনেও এই শোষণৰ বলি হ’ব নোৱাৰে ৷ মই চাইবাৰ ক্ৰাইমক অনুৰোধ কৰিছো যাতে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে ৷” দৰাচলতে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বহু লোকে ৰিয়াক ছচিয়েল মিডিয়াত ট্ৰোল কৰা আৰম্ভ কৰিছিল ৷ এতিয়াও কৰি আছে ৷ সুশান্তৰ মৃত্যুৰ পিছত ৰিয়া এমাহলৈ ছচিয়েল মিডিয়াৰ পৰা আঁতৰত আছিল।

?আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.