Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

CVOTER- অসমত পুনৰ বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে তৃতীয় পছন্দ হিমন্ত বিশ্ব শৰ্মা

দ্য ষ্টেটমেন্ট : ভাৰতৰ নিৰ্বাচনী আয়োগে শুক্ৰবাৰে এক সংবাদমেলযোগে চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে৷ অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত অহা ২৭ মাৰ্চৰ পৰা বিভিন্ন পৰ্য্যায়ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ২ মে’ তাৰিখে ফলাফল প্ৰকাশ পাব৷ 

আজি ABP নিউজ আৰু CVOTERয়ে আগন্তুক নিৰ্বাচনক লৈ পূৰ্ব সমীক্ষা প্ৰকাশ কৰিছে৷ 

কেৰালা-
ABP নিউজ আৰু CVOTERৰ সমীক্ষামতে, কেৰালাত LDFয়ে ৮৩-৯১ খন আসন লাভ কৰিব৷ UDFয়ে লাভ কৰিব পাৰে ৪৭-৫৫ খন আসন৷ লক্ষণীয়ভাৱে বিজেপি দলে ০-২ খন আসন লাভ কৰিব বুলি কোৱা হৈছে৷ কেৰালাত মুঠ ১৪০খন বিধানসভাৰ আসন আছে৷

তামিলনাডু-
২৩৪খন আসন থকা তামিলনাডুত ABP নিউজ আৰু CVOTERৰ সমীক্ষামতে AIADMK+য়ে ৫৮-৬৬ খন আসন লাভ কৰিব৷ অৱশ্যে ১৫৪-১৬২ খন আসনেৰে DMK জোঁটবন্ধন পুনৰ শাসনলৈ উভতিব বুলি সমীক্ষাত প্ৰকাশ পাইছে৷ 

পুডুচেৰী-
পুডুচেৰীতো বিজেপি+য়ে ১৭-২১ খন আসন লাভ কৰিব। বিপৰীতে কংগ্ৰেছ জোঁটবন্ধনে লাভ কৰিব পাৰে ৮-১২ খন আসন। গতিকে ABP নিউজ আৰু CVOTERৰ সমীক্ষামতে পুডুচেৰীতো বিজেপি+ৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত। 

পশ্চিমবংগ-
পশ্চিমবংগতো পুনৰ মমতা বেনাৰ্জীয়ে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ ABP নিউজ আৰু CVOTERৰ সমীক্ষামতে, ৫৬ শতাংশ লোকে মমতা বেনাৰ্জীকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে, ২৫ শতাংশ লোকে দিলীপ ঘোষক পছন্দৰ মুখ্যমন্ত্ৰী বুলি কৈছে আৰু ৯ শতাংশ লোকে মুকুল ৰায়ক ৯ শতাংশ লোকে সমৰ্থন জনাইছে৷

অসম-
ABP নিউজ আৰু CVOTERৰ সমীক্ষামতে, অসমত বিজেপি+য়ে ৬৮-৭৬ খন আসন লাভ কৰিব৷ আনহাতে কংগ্ৰেছ-এআইইউডিএফ-বাওঁ মহাজোঁটবন্ধনে ৪৩-৪১ খন আসন লাভ কৰিব৷ 

ৰাজ্যত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক লৈ চৰ্চা চলি থকাৰ সময়তে ABP নিউজ আৰু CVOTERৰ সমীক্ষাই জনাইছে যে অসমত ‘অন্যান্য’ই ৫-১০ খন আসন লাভ কৰিব৷ লক্ষণীয়ভাৱে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলক ABP নিউজ আৰু CVOTERৰ সমীক্ষাই প্ৰদান কৰিছে মাত্ৰ ৪ খন আসন৷ 

মুখ্যমন্ত্ৰী হিচাপে ৪৪ শতাংশ লোকে সৰ্বানন্দ সোণোৱালক পছন্দৰ প্ৰাৰ্থী বুলি কৈছে৷ মুখ্যমন্ত্ৰী পদত ২৬ শতাংশ লোকৰ পছন্দেৰে কংগ্ৰেছৰ গৌৰৱ গগৈ আছে দ্বিতীয় স্থানত৷ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা১৫ শতাংশ লোকে মুখ্যমন্ত্ৰী হিচাপে পছন্দ কৰিছে৷ 

ABP নিউজ আৰু CVOTERৰে আগতেও বহুকেইটা নিৰ্বাচনৰ পূৰ্ব সমীক্ষা প্ৰকাশ কৰি আহিছে৷ বহুকেইটা নিৰ্বাচনত সমীক্ষা প্ৰায় বাস্তৱায়িত হৈছে যদিও শেহতীয়াকৈ বিহাৰ নিৰ্বাচনৰ সময়ত ABP নিউজ আৰু CVOTERৰ সমীক্ষা সম্পূৰ্ণ ভুল প্ৰমাণিত হৈছিল৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.