Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

‘মুকেশ ভাই, এইয়া ট্ৰেইলাৰহে!সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে’: মুকেশ আম্বানীৰ ঘৰৰ বাহিৰত পত্ৰ উদ্ধাৰ

দ্য ষ্টেটমেন্ট : দেশৰ আটাইতকৈ ধনী ব্যৱসায়ী মুকেশ আম্বানীৰ ঘৰৰ কাষত বৃহস্পতিবাৰে এখন অচিনাক্ত স্কৰপিঅ গাড়ী ৰখাই থোৱাৰ ঘটনাক লৈ মুম্বাই ক্ৰাইম ব্ৰান্স আৰু মুম্বাই এটিএছয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। 

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে অচিনাক্ত গাড়ীখনত আৰক্ষীয়ে লাভ কৰা এখন চিঠিত এটা বৃহৎ ষড়যন্ত্ৰৰ কথা উল্লেখ কৰা হৈছে। চিঠিখনত কোৱা হৈছে যে “এইয়া কেৱল এটা ট্ৰেইলাৰহে। নীতা বৌ, মুকেশ দাদা, এইয়া কেৱল এটা ট্ৰেইলাৰহে। এইবাৰ সম্পূৰ্ণ বস্তু তোমাৰ ওচৰলৈ আহিব আৰু তাৰবাবে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে।”  

উল্লেখ্য যে মুকেশ আম্বানীৰ ঘৰ এন্তালিয়াৰ বাহিৰত বৃহস্পতিবাৰে এখন অচিনাক্ত স্কৰপিঅ গাড়ী আৰক্ষীয়ে উদ্ধাৰ কৰিছিল। সেই গাড়ীখনত আৰক্ষীয়ে কিছু জিলেটিন ষ্টিক লাভ কৰাৰ পিছতেই সেই সন্দৰ্ভত মুম্বাই ক্ৰাইম ব্ৰান্স আৰু মুম্বাই এটিএছয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। 

সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি সেই গাড়ীখনত আৰক্ষীয়ে আইপিএলৰ ক্ৰিকেট টীম মুম্বাই ইণ্ডিয়ানৰ এটা বেগ লাভ কৰিছে আৰু সেই বেগটোতেই সেই চিঠিখন লাভ কৰিছে। কোৱা হৈছে যে যিখন ব্যক্তিয়ে স্কৰপিঅ গাড়ীখন সেই ঠাইত পার্ক কৰিছিল, সেই ব্যক্তিজনে গাড়ীখন ৰখাই এখন ইনোভাত সেই ঠাইৰ পৰা ৰাওনা হৈছিল। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.