Support Free Journalism
  Breaking News
'তুমি মোক ভোট দিয়া, মই তোমাক বিনামূলীয়া ভেকচিন দিম': টুইটাৰত কিয় এই প্ৰতিক্ৰিয়া-দৰমহাৰ পইচাৰে চলিব পৰা নাই, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব খুজিছে বৰিছ জনচনে-হোৱাটছএপত ‘পৰ্ণ’ শ্বেয়াৰ কৰি ৰোষৰ বলি হ'ল গোৱাৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা কাভেলকাৰ-বিহাৰৰ সকলো লোককে বিনামূলীয়াকৈ কৰ'ণাৰ প্ৰতিষেধক দিম: বিজেপিৰ ঘোষণাপত্ৰ-মহাৰাষ্ট্ৰ বিজেপিৰ জ্যেষ্ঠ নেতা একনাথ খড়চেৰ পদত্যাগ: যোগদান কৰিব শৰদ পাৱাৰৰ NCPত-“পইচা দে নহ’লে উগ্ৰপন্থী লগাই উঠাই দিমঃ” ধন দাবী কৰি ধৰা পৰিল এবিভিপিৰ নেতা-IPL 2020: পশ্চিম পাঠকক আপুনিও মহিলা আম্পায়াৰ বুলি ভুল ভাবিছে নেকি?-বিহাৰ নিৰ্বাচন- ভাষণ দিবলৈ সাজু হওঁতে তেজস্বী যাদৱলৈ চেণ্ডেল দলিয়ালে উপস্থিত জনতাই-কংগ্ৰেছ পৰা বিজেপিলৈ অহা নেতাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ পাছতেই ৩৭ চেকেণ্ডত দুবাৰকৈ ভৰিত ধৰিলে!-বিহাৰত সুৰা নিষিদ্ধ, কিন্তু তাৰ পাছতো সুৰাপায়ীৰ পছন্দৰ নেতা নীতিশ কুমাৰ: চাওঁক ভিডিঅ'

সমুজ্জল ভট্টাচাৰ্যক আছুৰ নেতৃত্বই একাষৰীয়া কৰিছে নেকি: কি ক’লে লুৰিণজ্যোতি গগৈয়ে?

দ্য ষ্টেটমেন্ট : সমুজ্জল ভট্টাচাৰ্যই আছু ত্যাগ কৰিলে নেকি? সমুজ্জল ভট্টাচাৰ্যই আছু ত্যাগ কৰিব নেকি? বৰ্তমানৰ আছুৰ নেতৃত্বই  সমুজ্জল ভট্টাচাৰ্যৰ ওপৰত ৰাজনৈতিক দলক লৈ মানসিকভাৱে হেঁচা প্ৰয়োগ কৰিছে নেকি আদি প্ৰশ্ন বহু দিনৰে পৰাই সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছিল। 
অৱশেষত এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে বৃহস্পতিবাৰে তামুলপুৰত কয় যে আছুৰ পৰা কাকো এলাগী কৰা নাই। এইয়া কেৱল এটা অপপ্ৰচাৰ। আছু কাৰো ব্যক্তিগত সংগঠন নহয়,  কোনো নিৰ্দিষ্ট ব্যক্তি বিশেষক আছুত পূজা কৰা নহয় আৰু আছু সামূহিক চিন্তাৰে পৰিচালিত এটা সংগঠন। 

Lurinjyoti Gogoi ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಗುರುವಾರ, ಅಕ್ಟೋಬರ್ 15, 2020

আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে শেহতীয়াভাৱে একাংশলোকে হীনমন্যতাত ভুগি আছুৰ বিৰুদ্ধে এনেকুৱা ষড়যন্ত্ৰত লিপ্ত হৈছে। আনহাতে অসম জাতীয় পৰিষদক বিজেপিৰ তৰফৰ কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি লুৰিণজ্যোতি গগৈয়ে কয় যে যে “হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ কোনো মূল্য নাই। হিমন্ত বিশ্ব হৈছে ৫৬ জন বিধায়কৰ সমৰ্থন থকাৰ পাছতো মুখ্যমন্ত্ৰী হ’ব নোৱাৰা আৰু লুই বাৰ্জাৰ আৰু সাৰদা কেলেংকাৰীত অভিযুক্ত এজন নিলাজ মন্ত্ৰী, গতিকে তেনে এগৰাকী ব্যক্তিৰ কোনো কথাই ৰাইজক বিচলিত কৰিব নোৱাৰে।” 

উল্লেখ্য যে আগন্তুক বিধানসভাৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় দল সমূহক উৎখাত কৰিবলৈ ৰাজ্যৰ আঞ্চলিক দল সমূহ একেলগ হোৱাৰ প্ৰসংগ উল্লেখ কৰি কয় যে ৰাষ্ট্ৰীয় দল সমূহক উৎখাত কৰিবলৈ আঞ্চলিক দল সমূহ একেলগ হ’ব লাগিব।

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.