Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

মাক-দেউতাকে ১০ হাজাৰ টকাৰ বাবে ৪৬ বছৰীয়াৰ হাতত বিক্ৰী কৰিলে ১২ বছৰীয়া কন্যাক

দ্য ষ্টেটমেন্ট : অন্ধ্ৰপ্ৰদেশৰ নেল্লু জিলাৰ এহাল দম্পত্তিয়ে নিজৰ ১২ বছৰীয়া কন্যাক বিক্ৰী কৰিলে ১০ হাজাৰ টকাত। কোৱা হৈছে যে দৈনিক দিন হাজিৰা কৰি চলি থকা দম্পত্তিহালৰ দুজনী ছোৱালী আছিল। ১৬ বছৰীয়া ডাঙৰ কন্যাৰ চিকিৎসালয়ত চিকিৎসা চলি থকাৰ বাবে আৰ্থিক অভাৱত পৰিয়েই মাক দেউতাকে ১২ বছৰীয়া সৰু কন্যাক ওচৰৰে ৪৬ বছৰীয়া চিন্না সুবেয়াক বিক্ৰী কৰে। 

আচৰিত কথাটো হ’ল যে চিন্না সুবেয়াৰ পত্নীয়ে তেওঁক এৰি যোৱাৰ বাবে দম্পত্তিহালক সুবেয়াই তেওঁলোকৰ দ্বিতীয় কন্যাৰ সৈতে বিয়া কৰোৱাৰ প্ৰস্তাৱ দিয়ে। তাৰ পিছতেই চিন্না সুবেয়াই ১২ বছৰীয়া ছোৱালীজনীক লৈ নিজৰেই এজন সম্বন্ধীয়ৰ ঘৰত উপস্থিত হয়। কিন্তু নিশা ছোৱালী জনীৰ কান্দোনৰ শব্দ ওচৰ চুবুৰীয়াই শুনা পোৱাৰ লগে লগে সকলো তথ্য পোহৰলৈ আহিল। ওচৰ চুবুৰীয়াই লগে লগে এই ঘটনাৰ কথা গাওঁবুঢ়াক জানিবলৈ দিয়ে। 

আৰক্ষীয়ে ইতিমধ্যে ৪৬ বছৰীয়া চিন্না সুবেয়াক গ্ৰেপ্তাৰ কৰিছে আৰু ১২ বছৰীয়া ছোৱালীজনীক নেল্লুলৰ এখন চাইল্ডকেয়াৰ চেণ্টাৰত ভৰ্তি কৰিছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.