Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল’লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!

দ্য ষ্টেটমেন্ট : আজিকালি বহুতেই ইউটিউবত ভিডিঅ’ আপলোড কৰি টকা উপাৰ্জন কৰে৷ কিন্তু এগৰাকী ৭০ বছৰীয়া আইতাই ইউটিউবৰ জৰিয়তে যিদৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে, সেয়া জানি আপুনিও আচৰিত হ’ব৷ মহাৰাষ্ট্ৰৰ এখন গাঁওৰ ৭০ বছৰীয়া আইতা সুমন ধামনে নিজে নানা তৰহৰ ব্যঞ্জন প্ৰস্তুত কৰাৰ প্ৰণালী ইউটিউবত আপলোড কৰে৷ এতিয়া সুমন ধামানৰ ইউটিউব ভিডিঅ’ খুব জনপ্ৰিয়৷ শেহতীয়াকৈ তেওঁ ইউটিউবৰ পৰা Silver Button লাভ কৰিছে৷

আজটকৰ সৈতে হোৱা কথাবতৰাত তেওঁ কয়-“মই নাজানিছিলো ইউটিউব কি! ছ’চিয়েল মিডিয়াৰো জ্ঞান নাছিল৷ কিন্তু কালক্ৰমত এনেকুৱা হ’ল যে এতিয়া ইউটিউবত ৰেচিপি আপলোড নকৰিলে মোৰ মন ভাল নালাগে৷”

আইতা সুমনে পাৰম্পৰিক ষ্টাইলেৰে ব্যঞ্জন প্ৰস্তুত কৰাৰ উপৰিও বিভিন্ন মাৰাঠী ব্যঞ্জনৰ ৰেচিপি আপলোড কৰে৷ তেওঁৰ নাতি য়ছ পাঠকে জানুৱাৰী মাহত আইতাকক ইউটিউব চেনেল খুলি দিছিল৷ প্ৰথমে পাৱ ভাজিৰ ৰেচিপি আপলোড কৰাৰ পৰাই আইতা সুমনৰ এই ইউটিউবৰ যাত্ৰা আৰম্ভ হ’ল৷ প্ৰকাশিত খবৰমতে আইতা সুমনে ইউটিউবৰ পৰা মাহে প্ৰায় ২০-৩০ হাজাৰ টকা উপাৰ্জন কৰি আছে।

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.