Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি

দ্য ষ্টেটমেন্ট : এফালে জাতি-মাটি-ভেটী ৰক্ষাৰ কথা কয়, আনফালে বহিৰাগত বনিয়াক ৰঙা দলিচা পাৰি দিয়ে। এফালে আত্মনিৰ্ভৰ অসমৰ শ্লোগান আওৰায়, আনফালে বহিৰাগতক ৰাজ্যৰ কৃষিভূমি গটাই দিয়ে। হয়, এয়াই পৰিৱৰ্তনকামী অসম চৰকাৰৰ শেহতীয়া কৰ্ম-কাণ্ড।

উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ বৰ বংশৰ মৌজাৰ উত্তৰ ফুলুং ডেকাবাৰী গাঁৱৰ ১৭ নং দাগৰ ৫০ বিঘা কৃষি ভূমি বহিৰাগত অনুষ্ঠানক প্ৰদান কৰিছে অসম চৰকাৰে। খিলঞ্জীয়াৰ ভূমি কাঢ়ি বহিৰাগতৰ হাতত গটাই দিয়াৰ গভীৰ ষড়যন্ত্ৰ চলিছে খোদ জালুকবাৰী সমষ্টিত। এফালে নেতাই মোগলৰ আক্ৰমণ, মিঞা মিউজিয়ামৰ কথা কৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে। একেসময়তে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত যুগ যুগ কৰি ভোগ কৰি থকা খিলঞ্জীয়াৰ ভূমি বহিঃৰাজ্যৰ বেদ বিজ্ঞান বিদ্যালয়লৈ আৱন্টন দিয়া হৈছে ।

ইতিমধ্যে ৰাইজে ভূমি এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে। কামৰূপ জিলাৰ উপায়ুক্তৰ ওচৰত ৰাইজে অভিযোগ দাখিল কৰিছে যদিও এতিয়ালৈ কোনো গুৰুত্ব প্ৰদান কৰা নাই স্থানীয় বিধায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ২০১৫ চনত শৰাইঘাটৰ ৰণ বুলি কৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ সৰ্বানন্দ সোণোৱালে জাতি-মাটি-ভেটী ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল। ২০২১ চনৰ নিৰ্বাচনৰ প্ৰাক্-মুহূৰ্তত মোগলৰ আক্ৰমণক লৈ নানা কটু মন্তব্য প্ৰদান কৰি, ৰাইজক হিন্দু-মুছলমান ভাগ ভাগ কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খুজিছে। তাৰমাজতে খোদ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিতে ৫০ বিঘা মাটি বহিৰাগতক প্ৰদান কৰাৰ খবৰে তোলপাৰ লগাইছে।

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.