Support Free Journalism
  Breaking News
'তুমি মোক ভোট দিয়া, মই তোমাক বিনামূলীয়া ভেকচিন দিম': টুইটাৰত কিয় এই প্ৰতিক্ৰিয়া-দৰমহাৰ পইচাৰে চলিব পৰা নাই, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব খুজিছে বৰিছ জনচনে-হোৱাটছএপত ‘পৰ্ণ’ শ্বেয়াৰ কৰি ৰোষৰ বলি হ'ল গোৱাৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা কাভেলকাৰ-বিহাৰৰ সকলো লোককে বিনামূলীয়াকৈ কৰ'ণাৰ প্ৰতিষেধক দিম: বিজেপিৰ ঘোষণাপত্ৰ-মহাৰাষ্ট্ৰ বিজেপিৰ জ্যেষ্ঠ নেতা একনাথ খড়চেৰ পদত্যাগ: যোগদান কৰিব শৰদ পাৱাৰৰ NCPত-“পইচা দে নহ’লে উগ্ৰপন্থী লগাই উঠাই দিমঃ” ধন দাবী কৰি ধৰা পৰিল এবিভিপিৰ নেতা-IPL 2020: পশ্চিম পাঠকক আপুনিও মহিলা আম্পায়াৰ বুলি ভুল ভাবিছে নেকি?-বিহাৰ নিৰ্বাচন- ভাষণ দিবলৈ সাজু হওঁতে তেজস্বী যাদৱলৈ চেণ্ডেল দলিয়ালে উপস্থিত জনতাই-কংগ্ৰেছ পৰা বিজেপিলৈ অহা নেতাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ পাছতেই ৩৭ চেকেণ্ডত দুবাৰকৈ ভৰিত ধৰিলে!-বিহাৰত সুৰা নিষিদ্ধ, কিন্তু তাৰ পাছতো সুৰাপায়ীৰ পছন্দৰ নেতা নীতিশ কুমাৰ: চাওঁক ভিডিঅ'

বিহাৰত টিকট লাভ কৰা বিজেপি নেতাৰ ভাতৃৰ ঘৰত অভিযান: ২৩ কিলোগ্ৰাম সোণ জব্দ

দ্য ষ্টেটমেন্ট : বিহাৰত ২৮ অক্টোবৰত প্ৰথম পৰ্যায়ৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। কিন্তু নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগতেই বিহাৰৰ ৰক্সৌল সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী প্ৰমোদ সিনহাৰ ভাতৃৰ ঘৰৰ পৰা প্রায় ২২ কিলো ৫৭৬ গ্ৰাম সোণৰ বিস্কুট আৰু ২ কিলোগ্ৰাম ৰূপ নেপাল আৰক্ষীয়ে জব্দ কৰিছে।  উল্লেখ্য যে বিজেপি নেতা প্ৰমোদ সিনহাৰ ভাতৃ অশোক সিনহা নেপালৰ পৰ্শ্ব জিলাৰ এজন বাসিন্দা। নেপাল আৰক্ষীয়ে এই সোণখিনি জব্দ কৰাৰ পাছতেই সংবাদমেলৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰে। 

কিছু দিনৰ আগতে প্ৰমোদ সিনহাই বিজেপিৰ পৰা টিকট লাভ কৰাৰ পাছতেই এটা কথাক চর্চা হৈছিল যে বিজেপিৰ পৰা ৰক্সৌল সমষ্টিৰ টিকট লাভ কৰিবলৈ প্ৰমোদ সিনহাই তিনি কোটি টকা প্ৰদান কৰিছিল আৰু নেপালৰ কোনো ব্যৱসায়ীয়ে সেই টকা দিয়াত সহায় কৰিছিল। নেপাল আৰক্ষীয়ে অশোক সিনহাৰ নেপালৰ ঘৰৰ পৰা ২৩ কিলোগ্ৰাম সোণ লাভ কৰাৰ পাছতেই নেপাল আৰু ভাৰত দুয়োখন দেশতে এই বিষয়ে চর্চা হৈছে। 

নেপাল আৰক্ষীয়ে সংবাদমেলত জনোৱা মতে অভিযানত আৰক্ষীয়ে ২২ কিলো ৫৭৬ গ্ৰাম সোণৰ বিস্কুট, জুয়েলাৰী আৰু ২ কিলো ২৬২ গ্ৰাম ৰূপ জব্দ কৰিছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.