Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান

দ্য ষ্টেটমেন্ট : শনিবাৰে চট্টিছগড়ৰ বিজাপুৰত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত দুজনকৈ অসমীয়া বীৰ জোৱান শ্বহীদ হোৱাৰ উপৰিও মুঠ ২২ জন জোৱান শ্বহীদ হৈছে আৰু কেইবাজনো জোৱান নিৰুদেশ হৈ থকাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে উপযুক্ত সময়ত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব। চিআৰপিএফৰ ডাইৰেক্টৰ জেনেৰেল কুলদ্বীপ সিঙে কয় যে এই ঘটনা কোনো চোৰাংচোৱা তথ্য লিক হোৱাৰ পিছত সংঘটিত হোৱা নাই। তেওঁ কয় যে এই সংঘৰ্ষত অতি কমেও ২৫-৩০ জন নক্সালবাদীৰ নিহত হৈছে। 

উল্লেখ্য যে চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ হোৱা বাবলু ৰাভাৰ ঘৰ দুধনৈৰ দামৰাত আৰু আন এজন বীৰ জোৱান দিলীপ কুমাৰ দাসৰ ঘৰ হৈছে বৰপেটা জিলাৰ সৰুপেটাত। দিলীপ কুমাৰ দাসে চিআৰপিএফ ২১০ নং কোব্ৰা বেটেলিয়ানত পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.