Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ’ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ’ব?

দ্য ষ্টেটমেন্ট : আমেৰিকাত অহা ৩ নৱেম্বৰত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনেই ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন হিচাপে পৰিগণিত হ’বলৈ গৈ আছে। এই নিৰ্বাচনত যোৱাবাৰৰ তুলনাত দুগুণ অৰ্থাৎ ১৪ আৰব ডলাৰ খৰচ হোৱাৰ আশংকা কৰিছে। 

দ্য চেণ্টাৰ ফৰ ৰেচপঞ্চিভ পলিটিক্স‘য়ে প্ৰকাশ কৰিছে যে ভোটগ্ৰহণ আৰম্ভ হোৱাৰ আগৰ মাহটোত দলসমূহে বৃহৎ পৰিমাণৰ ৰাজনৈতিক চান্দা লাভ কৰিছে আৰু সেইবাবেই এই নিৰ্বাচনত যদিও ১১ আৰব ডলাৰ খৰচ হোৱাৰ অনুমান কৰা হৈছিল কিন্তু বৰ্তমান সময়ত সেই খৰছ ১৪ আৰব ডলাৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কোৱা হৈছে যে ডেমক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী জো বাইডেনেই দানকৰ্তাৰ পৰা ১ আৰব ডলাৰ লাভ কৰা ইতিহাসৰ প্ৰথমজন প্ৰাৰ্থী হিচাপে পৰিগণিত হৈছে। 

উল্লেখ্য যে ডেমক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী জো বাইডেনৰ প্ৰচাৰ অভিযানৰ বাবে ১৪ অক্টোবৰলৈকে ৯৩.৮ কোটি ডলাৰ লাভ কৰিছে আৰু বাইডেনৰ বিপৰীতে ৰিপাব্লিকানৰ পাৰ্টীৰ প্ৰাৰ্থী ডনাল্ড ট্ৰাম্পে দানকৰ্তাৰ পৰা ৫৯.৬ কোটি ডলাৰ লাভ কৰিছে। কোৱা হৈছে যে কৰ’ণা মহামাৰীৰ সময়তো আমেৰিকাৰ বহু সংখ্যক লোকে যোৱা নিৰ্বাচনতকৈ ২০২০ৰ নিৰ্বাচনলৈ অধিক বৰঙণি আগবঢ়াইছে আৰু এইবাৰৰ নিৰ্বাচনৰ পুঁজিৰ বাবে দলসমূহে মহিলাৰ পৰা সৰ্বাধিক পুঁজি লাভ কৰিছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.