Support Free Journalism
  Breaking News
প্ৰধানমন্ত্ৰীয়ে অসম-কেৰালালৈ গৈ আছে, কৃষকক সাক্ষাৎ কৰিবলৈহে সময় নাই: চিদাম্বৰম-'বংগই কেৱল নিজৰ কন্যাক বিচাৰে, ২ মে'ত মোৰ পুৰণা টুইট উলিয়াই ল'ব': প্ৰশান্ত কিশোৰ-পশ্চিমবংগত ৮টা পৰ্য্যায়ত নিৰ্বাচন- কিয় অসন্তুষ্ট মমতা বেনাৰ্জী?-প্ৰহাৰ-পলাতক-পুৰস্কাৰ-গ্ৰেপ্তাৰ: আৰক্ষীক প্ৰহাৰ কৰা বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ-"শৈশৱৰ সপোন আজি বাস্তৱত পৰিণত হ'ল"- অসম আৰক্ষীৰ উপ-অধীক্ষক হিমা দাস-অসমৰ ব্ৰাহ্মণ-পুৰোহিত নহয়, বাহিৰৰ পৰা অহা শ-শ পূজাৰীয়েহে অসমত অনুষ্ঠিত কৰে মহাযজ্ঞ-জলসিঞ্চন বিভাগে বাতিল কৰিলে ২৪৬টা কণিষ্ঠ সহায়ক পদৰ পৰীক্ষা: ভবেশ কলিতাৰ ঘোষণা-অসমক আন্দোলন,হিংসাৰ বাবেহে জানিছিল, কিন্তু এতিয়া বিকাশৰ সূচনা হৈছে: অমিত শ্বাহ-'মোদী দংগাবাজ,ট্ৰাম্পতকৈও বেয়া সময়ে মোদীৰ বাবে অপেক্ষা কৰি আছে'-মমতা-এমাহ ধৰি ICUত ৰখা ৰোগীৰ মৃত্যুক লৈ পুনৰ বিতৰ্কত GNRC: ছচিয়েল মিডিয়াত সকলো কথা লিখিলে আত্মীয়ই

অসম চুক্তিৰ ৬ নং দফা আইনীভাৱে বাস্তৱিক নহয়, কাৰ্য্যকৰী কৰিব নোৱাৰি-হিমন্ত বিশ্ব শৰ্মা

দ্য ষ্টেটমেন্ট : অসমৰ প্ৰভাৱশালী মন্ত্ৰী ড· হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে কেন্দ্ৰীয় সমিতিৰ প্ৰতিবেদন অনুসৰি অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী কৰিব নোৱাৰি কাৰণ সেয়া আইনীভাৱে বাস্তৱিকতাৰ পৰা বহু আঁতৰত (Far From Legal Reality)৷ 

এয়া প্ৰথম ঘটনা য’ত কেন্দ্ৰীয গৃহ মন্ত্ৰালয়ে গঠন কৰি দিয়া উচ্চস্তৰীয কমিটিয়ে যোৱাবছৰৰ ২৫ ফেব্ৰুৱাৰীত প্ৰতিবেদন জমা দিয়াৰ পিছত অসমৰ এগৰাকী মন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে মুখ খুলিছে৷ যোৱাবছৰৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন উচ্চস্তৰীয় কমিটিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণ সম্পৰ্কীয় প্ৰতিবেদন জমা দিছিল৷ 

“উচ্চস্তৰীয় কমিটিয়ে জমা দিয়া প্ৰতিবেদন অসমৰ সাম্প্ৰতিক পৰিস্থিতিত আইনীভাৱে বাস্তৱিক নহয়৷ গতিকে আমি কেনেকৈ সেয়া কাৰ্য্যকৰী কৰিম?”- ‘এটা সপোনৰ পম খেদি’ শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত এই মন্তব্য প্ৰদান কৰে অসমৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে৷ 

“কমিটিখনে কিয় উচ্চতম ন্যায়ালয়ৰ ৰায়দান বিচাৰ কৰা নাই? উচ্চতম ন্যায়ালয়ে ৫০ শতাংশ সংৰক্ষণৰ কথা কোৱাৰ বিপৰীতে কমিটিয়ে তাতকৈ বেছি সংৰক্ষণৰ প্ৰস্তাৱ দাঙি ধৰিছে৷ মই ভাবো উচ্চস্তৰীয় কমিটিয়ে বাস্তৱিক প্ৰস্তাৱ দিয়া নাই, সেয়া তেওঁলোকৰ আশাহে৷”-মন্ত্ৰীজনে কয়৷  অৱশ্যে মন্ত্ৰীজনে ইয়াকো কয় যে উচ্চতম ন্যায়ালয়ৰ আদেশমৰ্মে বিজেপি চৰকাৰে নিজৰ ধৰণে ছয় নং দফা কাৰ্যকৰী কৰিব৷ 

যোৱা ১১ ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যপাল জগদীশ মুখীয়ে বিধানসভাত মন্তব্য প্ৰদান কৰি কৈছিল যে উচ্চস্তৰীয় কমিটিয়ে জমা দিয়া প্ৰতিবেদন ৰাজ্য চৰকাৰে বিবেচনা কৰি আছে আৰু এতিয়ালৈ কেন্দ্ৰীয় চৰকাৰলৈ পঠিওৱা হোৱা নাই৷ 

ছমাহৰ পিছতো উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰাৰ বাবে যোৱা বছৰৰ আগষ্ট মাহৰ ১১ তাৰিখে সদৌ অসম ছাত্ৰ সন্থা আৰু উচ্চস্তৰীয় কমিটিয়ে প্ৰতিবেদন ৰাজহুৱা কৰিছিল৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.