দ্য ষ্টেটমেন্ট : দক্ষিণ আফ্ৰিকাই চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে পঠিওৱা ১ লাখ কোভিড ১৯ৰ ভেকচিন উভতাই ল’বলৈ নিৰ্দেশ দিছে ৷ দ্য ইক’নোমিক টাইমচে মংগলবাৰে ৰিপোৰ্টত এই কথা প্ৰকাশ কৰে ৷
নিউজ এজেন্সী ৰয়টাৰৰ ৰিপোৰ্ট অনুসৰি, এসপ্তাহ আগত দক্ষিণ আফ্ৰিকাই কৈছিল টীকাকৰণ অভিযানত এষ্ট্ৰ’জেনেকা ভেকচিনৰ প্ৰয়োগ বন্ধ কৰিব ৷ কোভিড ১৯ ভেকচিনৰ ১০ লাখ ডোজ যোৱা সপ্তাহত দক্ষিণ আফ্ৰিকালৈ প্ৰেৰণ কৰা হৈছিল আৰু আগন্তুক সপ্তাহত ৫ লাখ ভেকচিন প্ৰেৰণ কৰাৰ কথা আছিল ৷
দক্ষিণ আফ্ৰিকাৰ স্বাস্থ্যমন্ত্ৰীয়ে কয় যে দেশত এষ্ট্ৰ’জেনেকা টীকাৰ বিক্ৰী কৰিব পাৰিব ৷ ইক’ন’মিক টাইমচৰ এই ৰিপোৰ্ট এনেকুৱা সময়ত প্ৰকাশ পাইছে যি সময়ত সোমবাৰে বিশ্ব স্বাস্থ্য সংস্থাই এষ্ট্ৰ’জেনেকা /অক্সফোৰ্ড কোভিড১৯ ভেকচিনক আপাতকালীন ব্যৱহাৰকাৰী সূচীত অন্তৰ্ভুক্ত কৰিছে ৷
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।